পৃষ্ঠা:হেমকোষ.pdf/৭৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অশৌচ্
অষ্টদিশ্
৫০

শুৱনি) অলঙ্কাৰ-আদিৰ দ্বাৰা দেখিবলৈ ভাল নকৰা, স্বভাৱত যেনে তেনেই থকা, unadorned.

অশৌচ, স.শ. (সং. অশৌচ, অশুচিত্ব -- অ, নহয় + শৌচ, শুচিত্ব) সন্তানৰ জন্মৰ বা সম্বন্ধীয়া মানুহৰ মৰণৰ বাবে হোৱা অশুচিতা, ceremonial defilement occasioned by the birth or death of a relative.

অশৌচীয়া, বি. অশৌচ-লগা, defiled by the above.

অশ্ৰদ্ধা, স.শ. (সং. অশ্ৰদ্ধা, শ্ৰদ্ধাহীনতা -- অ, নাই + শ্ৰদ্ধা, বিশ্বাস) অসঞ্জাত, অবিশ্বাস; আওহেলা, অসন্মান, absence of faith; unbelief, inattention, disrespect.

অশ্ৰু, স.শ. (সং. অশ্ৰু, লোতক -- অ, ন + শ্ৰি, সেৱা কৰ্) চকুৰ লো, লোতক, a tear.

অশ্ৰুত্, বি. (সং. অশ্ৰুত, নুশুনা -- অ, নহয় + শ্ৰুত, শুনা) নুশুনা, unheard.

অশ্ৰেয়স্, বি. (সং. অশ্ৰেয়স্, অভদ্ৰ -- অ, নহয় + শ্ৰেয়স্, ভাল) মন্দ, বেয়া, অভদ্ৰ, worthless, inferior.

অশ্ৰেষ্ঠ, বি. (সং. অশ্ৰেষ্ঠ, মন্দ -- অ, নহয় + শ্ৰেষ্ঠ, উত্তম) অভদ্ৰ, মন্দ, নীচ, bad, vile.

অশ্লীল, বি. (সং. অশ্লীল, অধম -- অ, নহয় + শ্লীল, উত্তম) লাজ-লগোৱা; যেনে, অশ্লীল বাক্য়, coarse, vulgar, obscene.

অশ্লেষা, খ. শ. (সং. অশ্লেষা, এটা নক্ষত্ৰ) পাঁচোটা তৰাযুক্ত নৱম নক্ষত্ৰ, the ninth lunar mansion consisting of five stars.

অশ্ব, স.শ. (সং. অশ্ব, ঘোঁৰা -- অশ্, ব্যাপ্) ঘোঁৰা, a horse, a pony.

অশ্বক্ৰান্ত, স.শ. (সং.) গুৱাহাটীৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে থকা এটা পৰ্ব্বতৰ ওপৰত বিষ্ণুৰ এক তীৰ্থ, a shrine sacred to Vishnu situated on a hill on the north bank of the Brahmaputra near Gauhati.

অশ্বত্থ, স.শ. (সং. অশ্বত্থ, আঁহত-গছ -- অ, নহয় + শ্ব, ভবিষ্যত + স্থা, থাক্; বহু কাল-নথকা) আঁহত গছ, the peepal tree (Ficus religiosa).

অশ্বত্থামা, স.শ. (সং. অশ্বত্থামন্, দ্ৰোণৰ পুত্ৰ -- অশ্ব, ঘোঁৰা + স্থা, স্থিত হ) দ্ৰোণাচাৰ্য্য়ৰ পুতেক, the son of Drona.

অশ্বমেধ্, স.শ. (সং. অশ্বমেধ, এক যজ্ঞ -- অশ্ব, ঘোঁৰা + মেধ, যজ্ঞ) ঘোঁৰাৰ মঙ্গহেৰে হোম-দিয়া যজ্ঞ, the horse sacrifice of the old Kshatriya Rajas.

অশ্বিনী, স.শ. (সং. অশ্বিনী, এটা নক্ষত্ৰ -- অশ্বিন, ঘোঁৰা-থকা + স্ত্ৰীলিঙ্গৰ ঈ) সাতাইচটা নক্ষত্ৰৰ প্ৰথমটো; ঘুঁৰী, the first lunar mansion; a mare.

অশ্বিনীকুমাৰ্, স.শ. (সং. অশ্বিনী-কুমাৰ, স্বৰ্গৰ বৈদ্য -- অশ্বিনী, ঘুঁৰী + কুমাৰ, সন্তান) দেৱতাবিলাকৰ বৈদ্য; অশ্বিনীকুমাৰ যঁজা; সূৰ্য্য আৰু তেওঁৰ ভাৰ্য্যা ছায়াই ঘোঁৰা আৰু ঘুঁৰীৰ ৰূপ ধৰি তেওঁবিলাকৰ জন্ম দিছিল বুলি শাস্ত্ৰত লিখা আছে, the twin sons of Surya or the sun by his wife Chaya who was said to have been transformed into a mare; they are supposed to be the physicians of the gods.

অষ্ট, সংখ্যা (সং. অষ্ট, আঠ) আঠ, eight.

অষ্টকোণ্, বি. (সং. অষ্টকোণ -- অষ্ট, আঠ + কোণ, চুক) আঠ-চুকীয়া, octangular.

অষ্টদিশ্, স.শ. (সং. অষ্টদিশ -- অষ্ট, আঠ + দিশ, ফাল) পৃথিবীৰ আঠ ফাল, অৰ্থাৎ পূব, পচিম, উতৰ, দখিণ, এই চাৰি দিশ, আৰু এই চাৰিৰ মাজৰ চাৰি চুক বা বিদিশ; যেনে, আগ্নেয় (দক্ষিণ-পূৰ্ব্ব), নৈৠত (দক্ষিণ-পশ্চিম), বায়ব্য়, (উত্তৰ-পশ্চিম), ঐশান্য় (উত্তৰ-পূৰ্ব্ব),