কাব্যলিংগ
ওঁঠত বৰলে খালে বুলি কঠনা ফুলৰ হাঁহিটিৰে নঙলামুখত বহি থাকোঁতেই
অথন্তৰৰ উহ ফুটিল
এজাৰফুলীয়া বয়সৰ ফাঁকি, ওঁঠত বিন্ধা বৰলৰ হুলে
বুকুলৈকে শিপাইছে, মন দোলনিত ইচাট-বিচাট ছট্ফটনি
বাটলৈ চাই থাকোঁতেই কিমানটা যে ভৰদুপৰীয়া আবেলিৰ হেঙুলীয়া হ’ল
তাৰ হিচাপ কেৱল আঙুলি-মূৰেহে জানে— যি দহোটা আঙুলি
সাক্ষী হৈ থাকে কৃতধী জীৱনৰ
সময়ে যি দি যায় সেয়াই সত্য—
তেনে সত্যৰ অস্বীকাৰতেই যত দুখ আৰু যন্ত্ৰণাৰ সন্নিপাত
পানীৰ তলৰ পানী বিচাৰি থাকোঁতেই জলকুঁৱৰী কুমাৰী হৈ থাকে
জলগুঁইৰ দৰে এটা জলজ জীৱনে কাহানিও নেদেখে মৰীচিকাৰ তিৰবিৰণি
সৰাপাতৰ শব্দৰ স’তে প্ৰেমৰ উপমা দিয়া আৰু কিমানটা
গধূলি আছে ফাগুনৰ
চনকা জীৱনৰ ভৰি পিছলাকৈ
আৰু কিমানটা পিছল বাট পাৰি থোৱা আছে বৰপীৰা পৰাদি
সকলো কাঁইটীয়া পথৰ ওপৰেৰে চলি থাকে এই জীৱন
সনাতন অলংকাৰেৰে ব্যঞ্জিত এটা প্ৰতীকী কবিতাৰ দৰেই
মৃত্যুতো যাৰ উপমা শিলৰ শয্যাসংগী হয়।
পৃষ্ঠা:হালধিবটা আবেলি.pdf/৩০
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
![](http://upload.wikimedia.org/wikipedia/commons/thumb/d/d7/%E0%A6%B9%E0%A6%BE%E0%A6%B2%E0%A6%A7%E0%A6%BF%E0%A6%AC%E0%A6%9F%E0%A6%BE_%E0%A6%86%E0%A6%AC%E0%A7%87%E0%A6%B2%E0%A6%BF.pdf/page30-816px-%E0%A6%B9%E0%A6%BE%E0%A6%B2%E0%A6%A7%E0%A6%BF%E0%A6%AC%E0%A6%9F%E0%A6%BE_%E0%A6%86%E0%A6%AC%E0%A7%87%E0%A6%B2%E0%A6%BF.pdf.jpg)