এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
আত্মকথন
মেঘৰ ছাদ খহি জোনটো উপঙি আছে
এছাৰেকণিবোৰ আহি
মোৰ খিৰিকী চুইছে
হেমন্তৰ দাপোণত মুখ চাই চাই পানীপতাৰ পৰা ডিঙি মেলি চোৱাৰ
বয়স নাথাকে
সময় নালাগে জালিকটা জপনা সৰকি তোমাৰ চৌপাশ ভ্ৰমণ কৰোঁতে
কাঁইটীয়া বাট খুপি খুপি পৰ্বতৰ মাণিক বিচৰাদি
অৱচেতন মনে যি বিচাৰে
সেই এচলু পানী কঁচুপাততে আছিল, বিচাৰিব নাজানোতে যিদৰে হেৰায়
মৰতৰ প্ৰেম
দুনাই আৰু ঘূৰি নাহে ওৰেটো ৰাতি সুহুৰিয়াই থকা সেই স্মৃতি-সুগন্ধি
মিত্ ভাষ হৈ ওলমি আছো ওঁঠত, সৰাপাতৰ শব্দ হৈ
খিৰিকীৰ মুখলৈ আহিছো, একেই এছাৰেকণি
মেঘৰ ছাদ খহি পানীৰ জোনটো নামি আহিছে লাহে লাহে
চকুৰ মণিৰ ভিতৰলৈ।