এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
স্ততিমালা
জগত তাৰিণী দুখ বিনাশিনী
তুমি বিনে গতি নাই।
সংসাৰ সাগৰ নাই পাৰাপাৰ
তাত পৰি তল যায়;
নৌকা স্বৰূপিণী তুমি মা জননী
তুমি বিনে গতি নাই।
দুৰ্দ্দণ্ড অসুৰ অখণ্ড প্ৰতাপ
চণ্ডৰ প্ৰকোপ পাই;
ইয়োও তোমাতে শৰণ মাগিলে
তুমি বিনে গতি নাই।
অদ্বিতীয়া তুমি বিষ্ণু আৰাধিতা
তোমাৰ চৰণ চাই;
সুৰাসুৰ নৰে আৰাধনা কৰে
তুমি বিনে গতি নাই।
ইড়া পিঙ্গলাও সুষুম্নাও তুমি
তুমিয়ে প্ৰকৃতি আই;
শিবানী ভবানী ত্ৰিতাপ তাৰিণী
তুমি বিনে গতি নাই।
শত্ৰুব্যাধি চোৰ কোপ নৃপতিৰ
সবাৰো তুমি উপায়;
ত্ৰাহি দুৰ্গে বুলি শৰণ মাগিছোঁ
তুমি বিনে গতি নাই।