এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
স্ততিমালা
নাৰায়ণী ক্ষমাশীল।
মই পাপী অতি;
দয়া কৰি দয়াময়ী
সাধ্য মোৰ গতি।
——০——
দুৰ্গা স্তুতি।
শিবৰ ঘৰিণী বিশ্বৰূপা তুমি
জগত বন্দিতা আই;
তোমাৰ চৰণে শৰণ পশিলোঁ
তুমি বিনে গতি নাই।
জ্ঞানৰ আধাৰ সদানন্দময়ী
মোক্ষৰো তুমি উপায়;
অপৰ্ণা পাৰ্ব্বতী সাধা মোৰ গতি
তুমি বিনে গতি নাই।
অনাথ আতুৰ তৃষ্ণাত আকুল
জীৱন্ততে মৰা প্ৰায়;
সি সবাৰো দেবী তুমিয়ে জননী
তুমি বিনে গতি নাই।
ঘোৰ অৰণ্যত ৰণৰ মাজত
শত্ৰুৱে যেতিয়া পায়,