পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/১৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৩
ষষ্ঠ সৰ্গ

পলাল সবেও; লাজ নহল। ইবাৰ
সুৰৰ সুৰস ৰক্ত শুষি অস্ত্ৰানলে
খণ্ডাইবোঁ তেজ; লণ্ডি ভণ্ডি সুৰপুৰী
অবৰোধে অবৰুদ্ধ কৰিবোঁ সবাক,
খটাবোঁ কিঙ্কৰবৎ স্বৰ্ণ লঙ্কাধামে।
আৰু ই প্ৰতিজ্ঞা,—দিবো আনিয়া লঙ্কাত
দাসী কৰি দেবেন্দ্ৰাণী দৰ্ব্বেন্দ্ৰাণী পদে।
যাহ ভৃত্য বক্ৰমুখ। যা চলি সত্বৰে,
আন্ ৰথ সজ্জা কৰি সাৰথি সহিত,
যুৰি তুৰঙ্গম তেজী। সাধোঁ উপস্থিত
কাৰ্য্য আগে; বিদলিবোঁ পৰে দেবদলে।”
 অদিতি নন্দনগণ সশঙ্কিত সদা
এনেয়ে দশাস্য ভয়ে; তদুপৰি আজি
হুমিয়ালে পুনঃ বীৰ। শুনিয়া তৰ্জ্জন
চিন্তাকুল দেবকুল অকুল চিন্তাত;
নীৰব নিস্তব্ধ সভা, যেন শূন্যময়।
 অনন্তৰ শোকান্তৰ দেব পুৰন্দৰ
সুদীৰ্ঘ নিশ্বাস কাঢ়ি, লাঘবি কিঞ্চিৎ
অন্তৰৰ অগ্নিতাপ, (কলসী উদৰে
উতপ্ত সলিলা বাষ্প অবৰুদ্ধ থাকি


 দৰ্ব্বেন্দ্ৰাণী—ৰাক্ষসৰ ইন্দ্ৰাণী অৰ্থাৎ মন্দোদৰী।