পৃষ্ঠা:সাহিত্য-প্ৰবেশ.djvu/৬২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৫৪ ]
 

গোটাই বন্ধিলে। তাৰ পাচত, সি বাজ ওলাবৰ চেষ্টা কৰিলে; কিন্তু হায়! প্ৰত্যেক খোজত ওজোট খাবলৈ ধৰিলে।

———
সাৰ-কথা।

 ১। অসন্তোষ আত্ম-বিশ্বাসৰ অভাৱ; ই মনৰ দুৰ্বলতা।

 ২। পাপীক লুকাবলৈ বহল সংসাৰত ঠাই নাই। পাপ কাম কৰাঁ—পৃথিবী দাপোণেৰে সজা।
 এমাৰ্চন(Emerson)

 ১। তুমি জীৱনক ভাল পোৱাঁ নে, তেনেহলে সময় নষ্ট নকৰিবা, কিয়নো সময়-ধাতুৰেই জীৱন নিৰ্ম্মিত।
 ফ্ৰেঙ্ক্‌লিন (Franklin )

 ১। মূৰৰ এটা কথা, মুখৰ দুটাৰ সমান।

 ২। জ্ঞানীয়ে এনে প্ৰতিহিংসাৰ মাথোন আদৰ কৰে, যেন শত্ৰুবিলাকে জানিব পাৰোক, তেওঁ সত্য বাটে চলিছে।

 ৩। অসম্ভৱ কথাত শীঘ্ৰ-বিশ্বাসী হোৱাতকৈ, অনিশ্চিত কথাত সন্দেহযুত হোৱা ভাল।
 হিওডৰ জিনোন (Hudor Genone)

 ১। যি কথা মনত ৰাখিব নোখোজাঁ, তাক নপঢ়িবা। যি কথা কামত লগাব নোখোজাঁ, তাক মনত নেৰাখিবা।
 ব্ৰেকি (Blackie)

 ১। তৰ্কত সদাই অলপ বিপদ ঘটে। তুমি তৰ্কত জিকিবা, আরু এজন বন্ধু হেরুওৱাবা, সম্ভৱতঃ ই বেয়া বেপাৰ।