এই বাৰৰ পৰা মই আৰু এনে কাম নকৰোঁঔ। মোক এৰি দিয়াঔ! হে
বৌ! বাঢ়নীৰ খোচত মোৰ চকু ফুটিব লগীয়া হল, মোক ইমানতে এৰাঔ!
বান্ধ মোকোলাই দিয়া, মই দুটি ভৰিত ধৰি চুলি চিঙি কাতৰ কৰি
মাতিছোঁঔ! হে বধে চুব আৰু নেমাৰিবাঔ!”
বুঢ়া-“তোৰ মুখেদি মই মূলা এটাই কেইটা উলিয়াইহে এৰিম।
মোৰ গুৰুক দিয়া নাই, গোসাঁইক দিয়া নাই, ভকতক দিয়া নাই, মহাজনক
দিয়া নাই, সন্ত-সাধুক দিয়া নাই; তই কটা মোৰ মূলা আগেয়ে চুৰকৈ
খালি।”
বুঢ়ী-“মোৰ এইতাৰ বাঢ়নী ভাগি ধুকাল, আৰু এতাৰ আছে,
সেই তাৰ আনোগৈ ৰ।”
ইন্দ্ৰ- “ককাই তোমাক যিহকে লাগে তাকে দিম মোক এৰি দিয়া।”
বুঢ়া--“যিহকে লাগে তাকে দিবি? ওঁ বাৰু অ। কটা ছাল-ছিগা
ভিকহু, তই যিহকে লাগে তাকে দিব নেলাগে, মোৰ ঘৰতে গোলাম হৈ
থাকি খেতি-বাতি কৰি দিম বুলি সৈ কাঢ়!”
ইন্দ্ৰ—“ককাই মই সেইটোৰ বাহিৰে যিহকে কোৱা তাকে কৰিবলৈ গাত
লৈছো, সেইটোহে নোৱাৰোঁ। তোমাৰ আগত আৰু কি মিছা কথা কম,
মই ইন্দ্ৰ, বেশ ছন্ কৰি আহি তোমাৰ মূলা খাইছিলো।”,
বুঢ়া-- “তই ইন্দ্ৰ যদি ভালেই হল, মইও তাকেইহে বিচাৰি
ফুৰিছিলো; বুঢ়াৰ হাতত চেঙেলি পৰিছ। জনমৰ পৰা আমাৰ দুখতে
কাল গৈছে, তেও তই চকু মেলি নেচা? বুঢ়ী, সিতাৰ বাঢ়নী আনগৈ,
যা বাঘেখাতী কৰিছ কি? বেগাই যা। ইয়াৰ চকু কেটাৰ একে বেলিয়েই
চাই-থনীয়া শৰাধ কৰি থওঁ।”
ইন্দ্ৰ—“মই তিনি শইত খাই কৈছোঁ, ককাই তোমাক যিহকে লাগে
তাকে দিম, মোক একো নকৰিবা;”
পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৪৩
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪৩
মূলা-খোৱা বুঢ়া