বুঢ়ী-“মই হবলা অমুকী বুঢ়ী হওঁ যদি মাকতিয়েকে তাক বুটী
বাঢ়নী লাগাম?”
এই দৰে বুঢ়া-বুঢ়ীয়ে পাঙি-পাতি দীঘল দিনটো কোনো মতে নিয়াই
ৰাতি খাই-বৈ উঠি খাপ দি আছে। কেঁচাই কুৰুলিয়ালে, গল, মূলাচোৰ
নাহিল; হঁয়কলিয়ে মাতিলে -“হঁয়কলি, হঁয়কলি, অতকবোৰ ধান-চাউল,
কি কৈলি?” হঁয়কলিনীয়ে উত্তৰ দিলে -“পোৱে খালে, জীয়ে খালে
ঠোক্ ঠোক্, থাক্ থাক্ ” গল, মূলাচোৰ নাহিল; গাৱঁৰ সিমূৰে ফেৰুৱাই
“ফেউ ফেউ” কৰিলে, গল মূলাচোৰু নাহিল; কুকুৰে ওচৰতে ‘ভৌ অ অ
অউ হো –’ কৈ আকাশ লঙ্ঘা কুলক্ষণীয়া চিয়ঁৰ লগালে, গল, মূলচোৰ
নাহিল। মূলা নাইকীয়া মানুহে শোৱাপাটীত পৰি এলুটি দুলুটিকৈ তিনি
চাৰি বাৰ লুটি-বাগৰ দি টোপণিটো শলাই লৈ আকৌ শুলে, তেও মূলাচোৰ
নাহিল। বুঢ়াই নিৰাশ হৈ বেজাৰ মনেৰে বুঢ়ীক মাত লগালে, “বুঢ়ী কি
কৰ! চোৰ দেখোন নাহিল।” বুঢ়ীয়ে কিংকৰ্তব্যবিমূঢ় হৈ কি উত্তৰ
দিব, এই কথা ভাবেতেই মূলাচোৰ ইন্দ্ৰই গাত ঔ বীজ আৰু তেল
জেপ্ জেপিয়াকৈ ঘহি, তেল কলীয়া আঠু মূৰীয়া চুৰিয়া পিন্ধি, আৰু
এৰীয়া কাপোৰ গাত মাৰি, বুঢ়া মানুহ এটাৰ বেশ ধৰি শাকনি সোমাই
কচ্ কচ্ কৰে মূলা খাবলৈ লাগি গল। সহস্ৰলোচল মূলাত ইমান মজি
গৈছিল যে তেওঁৰ সহস্ৰ চকুৰ আগতো, হাতত গৰু পঘা, ঢেকি-ঠোৰা,
আৰু বুটী বাঢ়নী লৈ দুৱাৰ চুকত লুকাই থকা বুঢ়া বুঢ়ী, নপৰিল।
ইন্দ্ৰ--“হে ককাই, মোক আৰু নিকিলাবা ঔ, এয়ে অতিছে মই এধামৰা হলো; তুমিও বুঢ়া মানুহ, ময়ো বুঢ়া মানুহ, অলপ মুখলৈ চোৱাঁ ঔ