অষ্টম অধ্যায়
ৰতিয়ে মাছৰ পেটত কামদেৱক পোৱাটো পুৰাণৰ কথা বুলি শিক্ষিত
উনৈচ শতিকীয়া সকলে উৰাই দিয়ে। ছাগলীৰ পেটত শিয়াল পোৱালিয়ে
জন্ম গ্ৰহণ কৰাটো অসমীয়া বাতৰি কাকতৰ কথা বুলি মানুহে বিশ্বাস
নকৰে, কিন্তু গৰুৰ পেটত যে আমাৰ গোজৰ বৰুৱা বাঘৰ পুনৰ্জ্জন্ম
হল এই ঘটনা শিক্ষিত অশিক্ষিত উনৈচ শতিকীয়া কুৰি শতিকীয়া এটাই
বিলাকে বিশ্বাস নকৰোঁ বুলি মুঠ বান্ধি লাগিলেও তাক মিছা কৰিব
পৰাটোৰ সম্ভৱ নাই। কাৰণ, বাৰী বগলাসুন্দৰী বাঘিনীয়ে যে স্বামী পালে
এই কথা সকলোৱে জানে, আৰু ই যাবচ্চন্দ্ৰদিবাকৰ সঁচা হৈ থাকিব।
বগলা অলপ দিন হল, পতিৰ মৃত্যুত বাৰী হৈ আছিল। গোজৰ স্ত্ৰীৰ
অভাৱত বৰলা হৈ আছিল। গতিকে দুইৰ মধুৰ মিলন ঘটিল; দুয়ো
দুইকো প্ৰেম-বেদনা জনালে। অৱশেষত চূড়ান্ত অৰ্থাৎ দুইৰো বিয়া।
⸻
নবম অধ্যায়
মৰিল বুলি নৈত উটাই দিয়া গোজৰ, পো-পোৱালি লগা ন তিৰোতা
লৈ ভাৰে-ভেটীয়ে এদিন ঘৰ-পতা ককাৰ দুৱাৰ মুখত উপস্থিত। ককাৰ
তালু ফুটি জীৱ গল। মূৰত বিনামেঘে বজ্ৰাঘাত।
গোজৰ -(ঘৈণীয়েক আৰু লৰা ছোৱালীয়ে সৈতে দীঘল হৈ পৰি )
“ককা, আপোনাৰ ধাৰ মই এই জন্মত শুজিব নোৱাৰো। একে দিনাই
আপুনি মোৰ ঘৰ পাতিলে নৈত উটাই দিবৰ দিনাই সেৱকে পো-
পোৱালি কেটাৰে সৈতে এই সেৱকীক পালে! নাতীয়েকহঁতে সৈতে
আপোনাৰ বোৱাৰী বেটীক আশীৰ্ব্বাদ কৰক!”
ককা- (বিচুৰ্ত্তি হৈ অথচ নিজক চম্ভালি) “তহঁতৰ অপায় অমঙ্গল
দূৰ হওক। দীৰ্ঘায়ু হ! বৰ-কন্যাৰ হৰ-গৌৰী বসতি হওক।”