পৃষ্ঠা:সাধনী.pdf/১০৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৬
সাধনী।

কনচেং। — সমৰ্পিব লাগে সেই
 “কুবেৰ-সম্পত্তি”; আৰু আত্মসমৰ্পণ
 হব লাগে এবে।

সাধনী। — নহব সি বাঞ্ছা সিদ্ধি।
কনচেং। — নহব নহলে।
সাধনী। — কিবা কোৱাঁ।
 পশুবল খটাবাঁ নহলে?

কনচেং। — ক্ষমা কৰা,
 আজ্ঞাবহ ভৃত্য মাথোঁ আমি।
 ৰাজ-আজ্ঞা পালোঁ সদা প্ৰাণপণ কৰি।

সাধনী। — কাৰ আজ্ঞা এনে?
 কোন্ অধৰ্মী সিটো?
 কোনে সাহে কবলই নীচ বচনেৰে
 ‘কুবেৰ-সম্পত্তি’ কথা? কোন জ্ঞানহীনে
 কৰে এনে অসম্ভৱ সন্ধিৰ প্ৰস্তাব,—
 সতী-সমৰ্পণ ‘হেতু’ — পতি বিয়োগত?
 ধিক্‌ তাৰ জীৱনত, ধিক্ শতবাৰ!
 সতীত্বৰ মূল্য সি জানে কি পাখণ্ডে,
 বিশ্বৰাজ্য বিনিময় হেয় যাৰ স’তে!
 সামান্য ৰাজ্যৰ ৰজা হই পৃথিবীত
 স্বৰ্গৰ আসন সি বিচাৰে মৰ্ত্ত্যত?
 না জানে সি জীৱনত সতীৰ মাহাত্ম্য,
 হোৱা নাই ৰাজ্য তাৰ সতী-প্ৰসৱিনী;