পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৯
জীৱন-চৰিত।

আসাম এচোচিয়েচনৰ অধিবেশনত সভাপতি স্বৰূপে আনে নভবা নিশ্চিন্তা কেইটিমান দেশহিতকৰ কথা আলোচনা কৰি সকলোকে মুগ্ধ কৰিছিল। তদুপৰি আসাম এচোচিয়েচনৰ আটাইবোৰ বৈঠকত উপস্থিত থাকি তাৰ আলোচনাৰ ভাগ লৈছিল।

সত্যনাথ বৰাৰ ধৰ্ম্মমত।

 ধৰ্ম্ম সম্বন্ধে সত্যনাথ বৰা বৰ প্ৰশস্তমনা আছিল। তেওঁ মহাপুৰুষীয়া হৈ দামোদৰীয়াক বেলেগ সম্প্ৰদায় বুলি নাভাবিছিল। তেওঁ ধৰ্ম্মৰ অনুষ্ঠানবোৰ নিজে ঘৰত নাপাতিছিল। তেওঁ কোনো ধৰ্ম্ম বা সম্প্ৰদায়ৰ পক্ষপাতী হৈ সঙ্কীৰ্ণ ভাব নেদেখুৱাইছিল। তেওঁ হিন্দুৰ পূজা, সেৱা, দৌল, দুৰ্গোৎসব আদি উমৈহতীয়া উৎসববোৰত যোগদান কৰিছিল। নিজৰ অৱস্থা টনকিয়াল নহলে পূৰ্ব্বপুৰুষ সকলে পালি অহা পূজা-সেৱা যে কৰিবই লাগিব, এনে ভাব তেওঁৰ নাছিল। “অহিংসাসত্যমস্তেয়ং শৌচমিন্দ্ৰিয় নিগ্ৰহঃ” এনেভাবৰ ধৰ্ম্ম ভাবহে তেওঁৰ আছিল। মহাপুৰুষীয়া ধৰ্ম্মৰ বাহ্যিক আচাৰ মতে তিতাতিয়নিৰে চাউল সিজোৱা লোৱা, চুৱাঠাই সাত বেলি মচা, মাটিপানী জোখকৈ লোৱা ইত্যাদি বোৰ পালন কৰা শ্ৰেণীৰ লোক নাছিল। প্ৰকৃতপক্ষে কবলৈ গলে, তেওঁ নৈতিক জীৱন অতিবাহিত কৰিছিল; নৈতিক