এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১২
সটীক নামঘোষা
তৈয়াৰ হোৱা, বাহাত থকা জন্তুৰ ৰক্ষক যেনে সেই দুৰ্ভেদ্য় পিজৰাটো, সেইদৰে ভগৱানত একান্তমনে শৰণ লোৱা লোকৰ পক্ষেও ভগৱান তেনে বজ্ৰৰ পিজৰাৰদৰে [ভগবানত আশ্ৰয় লোৱাজনৰ কালৈকেও ভয় নাথাকে।]
[ ২৬৬ ]
হৰিৰ সেৱাত নাহিকে প্ৰয়াস
জানিবা নিশ্চয় কৰি।
নাম মাত্ৰ লৈলে হোৱস্ত সন্তুষ্ট
কিনো কৃপাময় হৰি॥
ভগন্তক ভজিবলৈ কোনো প্ৰকাৰ শাৰীৰিক দুখ-কষ্ট সহিব নালাগে, ইয়াৰু নিশ্চয়কৈ জানিবা। একান্তমনে তেওঁৰ নাম উচ্চাৰণ কৰিলে ভগবান সন্তুষ্ট হয়, ঈশ্বৰ এনে দয়াময়।
[ ২৬৭ ]
শুনিয়ো চতুৰ মহন্তসকল
ফুৰা হৰি গুণ গাই।
দুৰ্ঘোৰ কলিত হৰিনাম বিনে
আন মতে গতি নাই॥
ঘোৰ- দাৰুণ, ভয়লগা।
( সেই কাৰণে ) হে বুদ্ধিমান সাধুসকল, শুনা, তোমালোকে সদায় হৰিৰ নাম, গুণ, কীৰ্ত্তন কৰাঁ; ( কিয়নো) এই পাপ-তাপে