এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৮
সটীক নামঘোষা
[ ১৪০ ]
কৃষ্ হেন শব্দ ইটো পৃথিৱী বাচক ভৈলা
ণ আনন্দত প্ৰৱৰ্ত্তয়।
দুইৰ এক পদ ভৈল পৰব্ৰহ্মৰূপ কৃষ্ণ
নাম আনন্দক মাত্ৰ কয়॥
‘ণ’ আনন্দত প্ৰৱৰ্ত্তয়—‘ণ’ ই আনন্দত প্ৰৱৰ্ত্তন কৰে বা চলে অৰ্থাৎ আনন্দ বুজায়;
‘কৃষ্’ শব্দে পৃথিৱীক বুজায়; ‘ণ’ ই আনন্দ বুজায়। 'কৃষ্' আৰু 'ণ' দুয়ো লগলাগি পৰম ব্ৰহ্মৰ ৰূপ ‘কৃষ্ণ' নাম হৈছে আৰু ই কেৱল আনন্দকে বুজায়; অৰ্থাৎ ভগৱানৰ ‘কৃষ্ণ’ নামে পৃথিবী- বাসীক আনন্দ দিয়ে বা পৃথিৱীবাসীয়ে ভগৱানৰ ‘কৃষ্ণ’ নাম লৈ আনন্দ পায়; সেই কাৰণে পৰম ব্ৰহ্মৰ ৰূপ কৃষ্ণ নামৰ ( নামেই ব্ৰহ্ম ) অৰ্থ আনন্দ।
[ ভগৱান আনন্দ স্বৰূপে বিশ্বত পৰিব্যাপ্ত; সেয়ে তেওঁৰ নাম কৃষ্ণ ]
[ ১৪১ ]
ঈশ্বৰৰ পদ সেৱা কৰন্তে জীৱৰ যত
কৃষতা গুচয় নিৰন্তৰ।
এহি হেতুতেসে জানা ঈশ্বৰক বুলি কৃষ্ণ
প্ৰসিদ্ধ অন্বয় মনোহৰ॥