পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/৭৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

হেন জানি সবে আলাস ত্যজিয়া
গলে বান্ধা হৰিনাম॥
সকাম নিষ্কাম যাৰ যেন মত
পূৰ্ণ হৈব মনস্কাম৷
হৰিৰ কীৰ্ত্তন ঔষধ লভিয়া
সংসাৰ ব্যাধি তৰিয়ো৷
হৰিৰ কিঙ্কৰে কহে নিৰন্তৰে
হৰিক সদা ঘুষিয়ো॥

পদ৷

উদাৰ গোবিন্দ নিগদতি থানেশ্বৰ৷
যেন কথা ভৈলা আৱে আত অনন্তৰে॥
স্বপ্ন দেখি দ্বিজৰাজ হৰিষক পাইলা৷
ঋতুকাল আসি সেহি সময়ত ভৈলা॥
পাছে দ্বিজে প্ৰবেশিলা তাহান শয্যাত৷
পালিলন্ত ঋতু ভৈলা আনন্দ মনত॥
বিষ্ণু অংশে আসি তান গৰ্ভে ভৈলা বাস৷
পূৰ্ণইন্দ্ৰ সম যেন কৰন্ত প্ৰকাশ॥
আজি কালি কৰি পূৰ্ণ দশমাস ভৈলা৷
শুভক্ষণে শুভলগ্নে প্ৰসব মিলিলা॥
ভাদ্ৰমাসে আদি কৃষ্ণপঞ্চমী তিথিত৷
মধ্যাহ্ন দিবসে জাত ভৈল পৃথিবীত॥
নাৰেন পুৰত আসি উপজিলা হৰি৷
ৰূপে গুণে পটন্তৰে নুহি যাৰ সৰি॥