পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/৩৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৩২)

চৰণাৰ বিন্দু ধ্যান কৰি সেই গুৰুৰ গুৰু পৰম গুৰু পৰমেশ্বৰক পাব পাৰি।

চৈতন্যৰহিতা মন্ত্ৰাঃ পোক্তবৰ্ণাস্ত কেবলাঃ।
ফলং নৈব প্ৰযচ্ছন্তি লক্ষকোটি শতৈৰপি॥

 অচৈতন্য মন্ত্ৰ অকল বৰ্ণৰ সমষ্টি মাথোন। অচৈতন্য মন্ত্ৰ লক্ষকোটিবাৰ জপ্ ধেয়ান কৰিলে তাৰ পৰা একো ফল পোৱা নেযায়।

 মালা-ঝোলা লই মুখে ৰাম ৰাম বুলিলে আৰু ক্ৰিয়া কলাপ অনুষ্ঠান কৰিলে মন্ত্ৰ জপ ফল পোৱাৰ আশা সুকঠিন। এই জগতত এনে সৎগুৰুৰ সাক্ষাৎ বৰ টান কথা যোনে দীক্ষাৰ লগত শিষ্যক মন্ত্ৰ চৈতন্যৰ উপায়াদি শিক্ষা দিয়ে। বিদ্যা-বুদ্ধি, আচাৰ-ব্যৱহাৰ আহাৰ সংযমাদি ক্ৰিয়া কৰ্ম্মে শিষ্য গুৰুৰ একো প্ৰভেদ নাই এনেকুৱা বাৰ্ষিকী আদায় কৰিয়া কৃত কৃতাপ গুৰুৰ সংখ্যাই বেচি। পৰম নিৰ্ম্মল বিশুদ্ধ ধৰ্ম্মও অসাধু জনৰ হাতত পৰি বিকৃতাবস্থা প্ৰাপ্ত হয়।

 স্বধৰ্ম্মনিৰত পাঠকৰ মাজত বহুতেই মন্ত্ৰ জপাদি কাৰ থাকে; কিন্তু জপতপে সিদ্ধ মনোৰথ হব নোৱাৰি মহাপুৰুষৰ প্ৰতি অভক্তি দৰ্শন কৰিবলৈও বিমুখ নহয়। আগেয়ে কোৱা হৈছে যে ‘চৈতন্য ৰহিতাঃ মন্ত্ৰা’ শুদ্ধচিতে সংযমী হৈ সেই “স্বৰূপং বিদ্যমানং' হৰিগুৰুৰ পূৰ্ণমূৰ্ত্তি হিয়াত ধাৰণা কৰি পাঠক কায়মনোবাক্যে এই স্তোত্ৰং ত্ৰিসন্ধ্যা পাঠ কৰিলে কিছু দিন পিছত দেখিব যে প্ৰকৃত মহাপুৰুষৰ প্ৰকৃত শিষ্য।

 পাঠক দোষাদোষ ক্ষমা কৰি নিজে নিজে নিজ নিজ চিত্তবৃত্তি