পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৩৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শ্ৰীকৃষ্ণ। আছিল। সিহঁতে আদিতে মথুৰাৰ আশে-পাশে বসতি কৰিছিল। পিচে, আৰ্য জাতিয়ে সিহঁতক ভাৰপৰা নিলগাই খেদি, সিহঁতৰ দখলত থকা সাৰুৱা মাটিবোৰ কাঢ়ি লোৱাৰ লগতে মধুবন বা মথুৰা ৰাজ্য আৰ্য্যৰ অধিকাৰলৈ আহে। তাৰ পাচত, সেই খেদা-খোৱা বন মানুহবিলাকে বৃন্দাবনৰ মাজে মাজে ঠাই ললেগৈ। তেতিয়াৰপৰাই নাগ জাতি (১) প্ৰমুখ্যে এই বনমানুহবিলাক বৃন্দাবনৰ আদিবাসী মানুহ। ইহঁত হাবিতলীয়া বুলিও, শাসন-সংক্ৰান্ত বিষয়ত সেই কাণৰ নথুৰাৰ অধিপতি যাদৱসকলৰ সংসৰ্গত আছিল। গোকুণৰপৰা উঠি গৈ, নৰাজ প্ৰমুখ্যে গোপবৰ্গ বৃন্দাবনত থিতাপিত হোৱাৰ আগলৈকে নাগ জাতিয়েই তাৰ অধিকাৰী আছিল। সেই কালত সেই নাগৰাজ্যৰ অধিপতি আছিল কালিয় নামে এজন সৰ্প সদৃশ, ভীষণ প্ৰকৃতিৰ লোক। তেওঁৰ বিষয়ে পাচত বহলাই কোৱা হৈছে। এতেকে, ব্ৰজ, গোকুল আৰু বৃন্দাবন তিনিও খণ্ডকে একে কঠিকৈ ব্ৰজ বুলি ধৰি, কালিয় প্ৰমুখ্যে নাগ জাতি আৰু প্ৰলম্ব (২) প্ৰমুখ্যে দানৱ জাতিকো আদি-ব্ৰজবাসী বোনা বায়। (১) পুণত এই নাগ জাতীয় বনমানুহক সচাস চকৈ সাপ বুলি হে বৰ্ণোৱা হৈছে। নাগ মানে সাপ। সেই আপাহতে সেই জাতি মানুহক পুৰাণকাৰসকলে সাপৰ লেখত ধৰিলে। কিন্তু স্বৰূপত সিহঁত সাপ নহয়, সৰ্পসদৃশ, এজাত ভীষণ প্ৰকৃতিৰ বনমানুহ হে। (২) পাচত, “প্ৰল-বধ” নামে একান্তা সুকীয়াকৈ দিয়া হৈছে।