০ উপশাশুচিতীয়া জানিগণে লৌকিক বা বৈদিক যাৱতীয় কৰ্ম্মত জলাঞ্জলি দি জ্ঞানযজ্ঞৰ ৰাই সচ্চিদানন্দস্বৰূপ আপোনাৰ বিগ্ৰহকেই ধ্যান কৰে। হে নাৰায়ণ! শিবোক্ত আগমন অনুসাৰে অগ্ৰসৰ হৈ বহু আচাৰ্যৰ বিভিন্ন পন্থা অবলম্বন কৰি যি সকলে আৰাধনা কৰে, সেই সকলে শিবম্বৰূপ আপোনাকেই পূজা কৰে। হে দেৱদেৱ, সকলো দেৱতাৰ অন্তৰত অন্তৰ্য্যামিৰপে আপুনিয়েই বিৰাজ কৰিছে। এতেকে ভেদবুদ্ধিৰ বশত ভিৱে যেয়ে যি দেৱতাকেই অৰ্চনা কৰোক লাগে, সি সৰ্বদেৱময় আপোনাকেই অৰ্চনা কৰে (১)। হে প্ৰভ! পৰ্বতৰ নিজৰাৰপৰা বৈ আহি সৰু-সৰু জুৰিবোৰ বৰষুণৰ পানীৰে সৈতে পৰিপুষ্ট হৈ যেনেকৈ খৰতৰ বেগেৰে সাগৰ উদ্দেশে গতি কৰে আৰু শেহান্তৰত তাতেই আত্মসমৰ্পণ কৰেগৈ, তেনেকৈয়ে উপাসনাৰ যতবোৰ পন্থা আৰু প্ৰণালী নাথাকক, পৰিণামত জাপোনাতেই সঙ্গত হয়; আৰু আপোক প্ৰাপ্ত হোৱাই সদৌ পন্থা-প্ৰণালীৰ একেটি মাথোন উদ্দেশ্য (২)। হে দেৱ। প্ৰকৃতিৰ সত্ত, ৰজঃ তমঃ এই ত্ৰিণোৎপন্ন সকলে পদাৰ্থ তোমাৰপৰাই উদ্ভূত; কিন্তু কি যে আচৰিত, আপনি সেইবোৰৰ কোনো পদাৰ্থতে লিপ্ত নাই (৩)। “হে ভগবান! এই সৃষ্টিত অগ্নি নামে যি পদাৰ্থ বৰ্তমান সি আপোনাৰ মুখ, পৃথিবী আপোনাৰ পাদদেশ, আদিত্য আপোনাৰ চকু, আকাশ আপোনাৰ নাভি, দিমূহ আপোনাৰ শ্ৰৱণেন্দ্ৰিয়, সত্যলোক (১) শ্ৰীমদ্ভাগৱত, দশম বন্ধ, ৪০ আধ্যা, ৬৯ শ্লোক। (২) “যথাদ্ৰিপ্ৰভবা নদঃ পজনাপুবিঃ প্ৰতে। বিশত্তি সৰ্বতঃ সিন্ধুং তত্তাং গতয়োহন্তত।” শ্ৰীমদ্ভাগৱত, দশম ঋদ্ধ, ৪০ আধ্যা, ১০ম শ্লোক। (৩) শ্ৰীমদ্ভাগৱত, দশম স্কন্ধ, ৪০ আখ্যা, ১১-১২ গোক।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/২২৩
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
![](http://upload.wikimedia.org/wikipedia/commons/thumb/9/93/%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%95%E0%A7%83%E0%A6%B7%E0%A7%8D%E0%A6%A3.djvu/page223-919px-%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%95%E0%A7%83%E0%A6%B7%E0%A7%8D%E0%A6%A3.djvu.jpg)