৪০। আধ্যা। শ্ৰীকৃষ্ণৰ ধৰ্মৰাজ্য স্থাপন। ৰণ-সামৰণৰ পাচত, তৃতীয় দিন যথাৰীতি বিজয়পতাকা উৰাই মহা আড়ৰেৰে সকৃষ্ণ পাণ্ডৱপক্ষ কুৰুজ বা ইন্দ্ৰপ্ৰস্থলৈ উলটিল। বাহিক আড়ঘৰত মাথোন ৰণজয়ৰ আনন্দ-উৎসৰ, কিন্তু আভ্যন্তৰিক গোটেই ৰাজ্যজুৰি পৰাজয়তকৈও মহাপৰাজয়ৰ বিষাদ-কালিমা বিয়পি পৰিছে। গোটেই কুৰুৰাজ্য,ইন্দ্ৰপ্ৰস্থৰপৰা হস্তিনাপুৰলৈকে—এখন বিস্তৃত এৰাবাৰীৰ দৰে বিচ্ছেদ-বিষাদৰ অন্তনিহিত ভাবত স্নান পৰিছে। গোটেই ৰাজ্য বিধৱাৰ বিলাপ, মাউৰা লৰা-ছোৱালীৰ কান্দন, সন্তপ্ত পৰিয়ালৰ খেদ ইত্যাদিয়ে গিলি ধৰিছে। কাৰৰ মনত ফুৰ্তি নাই, কাৰে মুখত হাঁহি নাই, সকলো নিস্তেজ, ম্লান আৰু নিৰানন্দ। শানৰপৰা ঘূৰি ঘৰ সোমালেহি যেনে বোধ হয়, ৰণৰপৰা ঘূৰি আহি নগৰ সোমোৱা ৰণজয়ী পাণ্ডৱপৰ তেনে বোধ হল। বিশেষকৈ, কোমলপ্ৰাণ অতি সাধু ধৰ্মৰাজ যুধিষ্ঠিৰৰ অন্তৰত সেই বোধ সাংঘাতিক পে লাগিল; তেওঁ সহিব নোৱাৰি, ৰাজ্যৰপৰা আঁতৰি গৈ নিজানত বনবাস খাটিবলৈ মনস্থ কৰিলে। সেই উদ্দেশ্যে তেওঁ পোনেই অৰ্জুনক মতাই আনি তেওঁৰ আগত নিজৰ মনোভাব ব্যক্ত কৰিলে। অৰ্জনে বিবিধ প্ৰকাৰে বিস্তৰ বুজালে, কিন্তু অজৰ মনৰ গতি এৰাব নোৱাৰিলে। তাৰ পাচত, ভীম, নকুল আৰু সহৰে লগতে
পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৮৪
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
![](http://upload.wikimedia.org/wikipedia/commons/thumb/7/7e/%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%95%E0%A7%83%E0%A6%B7%E0%A7%8D%E0%A6%A3-%E0%A6%85%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A6%B2%E0%A7%80%E0%A6%B2%E0%A6%BE_%E0%A6%96%E0%A6%A3%E0%A7%8D%E0%A6%A1.djvu/page284-975px-%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%95%E0%A7%83%E0%A6%B7%E0%A7%8D%E0%A6%A3-%E0%A6%85%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A6%B2%E0%A7%80%E0%A6%B2%E0%A6%BE_%E0%A6%96%E0%A6%A3%E0%A7%8D%E0%A6%A1.djvu.jpg)