কণবধ। বাকী নাৰাখিলে। দুৰ্য্যোধনৰ অযথা দোষাৰোপ আৰু কৰ্থনা শুনি শুনি অসহ হৈ উঠাত, মহা অভিমানী দুৰ্জয় ৰীৰ কণ খত জলি উঠিল। তেওঁ সবেগে দুৰ্য্যোধনৰ কাষলৈ চাপি আহি এই বুলি তেওঁৰ ভ্ৰান্তি গুচাবলৈ প্ৰয়াস পালে-অৰ্জুন কাৰ বলত সিমান বলৱন্ত হৈছে, দুৰ্যোধনে মনি চোৱা নাই। স্বয়ং অৱতাৰী নাৰায়ণ শ্ৰীকৃষ্ণ যাৰ সাৰথি, সেই পাৰ্থৰীৰে কোনো কোনো ফেৰত জয়লাভ কৰাটো একো আচৰিত নহয়; সেইদিনাৰ যুদ্ধত বাসুদেব শ্ৰীকৃষ্ণই উপস্থিতবুদ্ধি নখটোৱা হলে, অৰ্জুনৰ কি সাধ্য কৰ্ণৰ দুৰ্জ্জয় সেনাদলক পৰাভুত কৰে। শ্ৰীকৃষ্ণসম বীৰ্য্যবান সাৰথিৰ বল পালে, তেওঁ পৃথিবী জয় কৰিব পাৰে। উপস্থিত মহাৰণত প্ৰবৃত্ত হোৱা সমবেত বীৰ যোদ্ধাৰ মাজত অৱশ্যে যাদৰ কেশৰী কেশৱৰ সমান বীৰ্যৱন্ত লোক নাই; তথাপি মদ্ৰৰাজ শল্যবীৰ একোবলৈ শ্ৰীকৃষ্ণৰ সমকক্ষ হলে হব পাৰে। এতেকে, শল্যই যদি কণৰ সাৰথিৰ বাৰ গ্ৰহণ কৰে, তেন্তে তেওঁ অনতিপলমে অৰ্জ্জুনক বধ কৰি কৌৰৱৰ জয়লাভ নিশ্চয় কৰি দিব পাৰে। কাৰ মুখে এই কথা শুনি, দুৰ্যোধনে আতুৰভাৱে মদ্ৰপতি শল্যক কৰ্ণৰ সাৰথি হবলৈ অনুৰোধ কৰিলেগৈ। মহাবীৰ্যৱন্ত অভিমানী বীৰ মদ্ৰৰাজে পোনেই সেই অযথা প্ৰস্তাৱ সদৰ্পে দলিয়াই পেলালে। কিন্তু দুৰ্য্যোধনৰ কাকুতি-অনুৰোধ এৰাব নোৱাৰি, শল্যৰাজ অগত্যা কৰ্ণৰ সাৰথি হবলৈ মাস্তি হল। পিচদিনা কবীৰ মহোল্লাহেৰে আৰু বিপুল আয়োজনেৰে ৰণলৈ সাজু হল। তেওঁ নতুন ধাৰণেৰে এখন বিচিত্ৰ বুহ ৰচনা কৰি দুৰ্যোধন, শকুনি, কৃপাচাৰ্য্য, অশ্বত্থামা, দুঃশাসন, কৃতবৰ্মা প্ৰভৃতি সেনাপতি সকলক ভাগে ভাগে ৰণত নিয়োজিত কৰিলে। কণৰ উনহিত উলাহিত হৈ, কৌৰৱল ৰণত লাগে-লাগো হল। বিপক্ষতে তৰ্জপ কৃষ্ণাৰ্জনৰ
পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৬৫
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
![](http://upload.wikimedia.org/wikipedia/commons/thumb/7/7e/%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%95%E0%A7%83%E0%A6%B7%E0%A7%8D%E0%A6%A3-%E0%A6%85%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A6%B2%E0%A7%80%E0%A6%B2%E0%A6%BE_%E0%A6%96%E0%A6%A3%E0%A7%8D%E0%A6%A1.djvu/page265-975px-%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%95%E0%A7%83%E0%A6%B7%E0%A7%8D%E0%A6%A3-%E0%A6%85%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A6%B2%E0%A7%80%E0%A6%B2%E0%A6%BE_%E0%A6%96%E0%A6%A3%E0%A7%8D%E0%A6%A1.djvu.jpg)