কুফে মহাৰণৰ আৰম্ভণ। নহব, যাৰ ভীষণ মূৰ্তি দেখিলে হৃৎকম্প উপস্থিত হয়, যি ৰিক্তহস্তেৰে মানুহ, ঘোঁৰা, হাতী আদি মোহাৰি মসীমূৰ কৰিব পাৰে। সেই মহাবাহু ভীমসেন সোঁৱে-বাৱে নকুল-সহদেৱক লৈ ৰথবাহিনীৰ ক্ষক হৈ বিদ্যমান,যি অজেয় যম যেন ভয়ঙ্কৰ বৃকোদৰৰ আস্ফালনত আতঙ্কিত হৈ, হে মহাৰাজ, আপোনাৰ পুত্ৰপক্ষীয় সৈন্যবৰ্গ বোকাত পৰা হাতীৰ দৰে কঁপিব লাগিছে। “চাওঁতে চাওঁতে সিপক্ষে আহি ইপক্ষৰ ওপৰত, আৰু ইপক্ষে গৈ সিপক্ষৰ ওপৰত সিংহ-গৰ্জনেৰে আক্ৰমণ বহুৱাইছে। উভয়তঃ তুমুল সংগ্ৰাম লাগি উঠিছে। কাকো কেৱে চিনিব নোৱাৰা হৈছে। ৰণমদত উন্মত্ত হৈ আপোন-পৰ ভেদাভেদলৈ লক্ষ্য নাৰাখি কুৰু পাণ্ডৱৰ আত্মীয়-কুটুম্বৰ মাজত কালান্তক যুদ্ধ লাগি উঠিছে। নিলগৰপৰা কৌৰৱ আৰু পাণ্ডৱ সেনানিৰ চি ধৰিব নোৱাৰা হৈছে। মাথোন সবাৰে সাজত প্ৰকাণ্ড মূৰ্ত্তি এক ভীষ্মদেৰ এপক্ষত, আৰু সাৰথিৰ বাঘজৰী ধৰোতা শাজধাৰী জগন্নোহন শ্ৰীকৃষ্ণ মূৰ্তি সমন্বিতে গাণ্ডীৱধাৰী মহাৰথ অৰ্জ্জুন আনপক্ষত জিলিকিব লাগিছে”। “সমূহ হেঁচাৰ হেন্দোলনিৰ মাজত, হে মহাৰাজ। আপোনাৰ পুত্ৰ সমূহে মহাবাহু ভীমসেনক কেইওফালৰপৰা আগুৰি ধৰি অসংখ্যাত কড়েৰে বিন্ধি ঠকাসৰকা কৰিবলৈ চাইছে। কিন্তু দুৰ্জয় ৰীৰ বৃকোদৰে তালৈ কটাহি নকৰি গদা-ঘূৰণেৰে অসংখ্য তীক্ষ্ণ শৰ ওফৰাই পঠিয়াই কৌৰৱ পক্ষীয় ৰণুৱাক গদাঘাতেৰে মণীমূৰ কৰিব লাগিছে। এনেতে, দ্ৰৌপদীনন্দনগণ আৰু সুভদ্ৰানন্দন অভিমনুৰে সৈতে নকুল সহদে, ধৃষ্টদ্যুম্ন প্ৰভৃতি কেইওফালৰপৰা আহি ভীমসেনৰ সাহায্যত উবুৰি খাই পৰি, আপোনাৰ পুত্ৰগণক পৰ্বতৰ টিং ওফৰোৱাদি ওফৰাই (১) মহাভাৰত, জীপ, ২ জাা, ১৩ কে।
পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২১৯
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
![](http://upload.wikimedia.org/wikipedia/commons/thumb/7/7e/%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%95%E0%A7%83%E0%A6%B7%E0%A7%8D%E0%A6%A3-%E0%A6%85%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A6%B2%E0%A7%80%E0%A6%B2%E0%A6%BE_%E0%A6%96%E0%A6%A3%E0%A7%8D%E0%A6%A1.djvu/page219-975px-%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%95%E0%A7%83%E0%A6%B7%E0%A7%8D%E0%A6%A3-%E0%A6%85%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A6%B2%E0%A7%80%E0%A6%B2%E0%A6%BE_%E0%A6%96%E0%A6%A3%E0%A7%8D%E0%A6%A1.djvu.jpg)