ভক্তিযোেগ। ৭৪৩ উপদেশ তপস্যাবিহীন, ভক্তিবৰ্জিত, শুশ্ৰুষাৰহিত আৰু ভগৱানৰ প্ৰতি অশ্ৰদ্ধাযুত লোকৰ আগত কোৱা কাচিত উচিত নহয় (১)। এই গীতাতুল্য প্ৰিয়বস্তু মোৰ আন একো নাই; এই গীতা পিঠত যাৰ প্ৰৱল অনুৰাগ তাৰ সমান মোৰ প্ৰিয় আন কোনো নহয়; যি ভক্তিৰে সৈতে গীতাপাঠ শৰন কৰে তাৰ প্ৰতিও মই সততে তুষ্ট। সামৰণিত ভগৱান শ্ৰীকৃষ্ণই অতি আগ্ৰহৰে সৈতে অৰ্জুনক পুনৰপি সুধিলে, “হে পাৰ্থ! এই গীতশাস্ত্ৰ ব্যাখ্যা তুমি একাগ্ৰচিত্তেৰে শুনিলা নে? হে ধনঞ্জয়! তোমাৰ অজ্ঞানকৃত মোহজাল বিনষ্ট হল নে। (২) অৰ্জুনে গভীৰ কৃতজ্ঞতাৰে সৈতে অতি ভক্তিভাৰে তেওঁৰ শেষ-সিদ্ধান্তমত এই বুলি নিবেদিলে,“হে অচ্যুত। তোমাৰ কৃপাত মোৰ সমস্ত মোহ বিনষ্ট হল। তোমাৰ অনুগ্ৰহত মই স্থিৰচিত্ত হলো; আৰু তোমাৰ অভয় চৰণত শৰণাগত হৈ মই সৰ্বসংশয়ৰপৰা মুক্ত হলো। এতিয়া, হে প্ৰভভ! তোমাৰ উপদেশানুৰূপ কাৰ্য্য কৰিবলৈ মই সষ্টম হৈছে (অৰ্থাৎ, মই যুদ্ধত প্ৰবৃত্ত হবলৈ প্ৰস্তুত হৈছে)। (৩) (১) কিয়নো, বিনা তপস্যাত গীতাৰ উপদেশ ধাৰণা কৰিবলৈ শক্তি নোপজে। ভক্তিবিনে গীততাপদেশ গ্ৰহণ বা শ্ৰবনলৈ প্ৰবৃত্তি জন্মে। কৰা নহলে গীতাৰ মৰ্মাৰ্থ লাভৰ সম্ভাৱনা নাই। ঈশ্বৰত অস্বয়া ত্যাগ নকৰিলে গীতাৰ সাৰতত্ব ব্ৰহ্মানন্দ উপলব্ধি নয়। কৃষ্ণানন্দবাশীকৃত গীতসন্দীপনী। (২) গীতা, ১ এ্যা, ০৩৭১ কে। (৩) গীতা, ১৮শ আধ্যা, ৭২-৭৩ সোক।
পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২০৯
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
![](http://upload.wikimedia.org/wikipedia/commons/thumb/7/7e/%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%95%E0%A7%83%E0%A6%B7%E0%A7%8D%E0%A6%A3-%E0%A6%85%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A6%B2%E0%A7%80%E0%A6%B2%E0%A6%BE_%E0%A6%96%E0%A6%A3%E0%A7%8D%E0%A6%A1.djvu/page209-975px-%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%95%E0%A7%83%E0%A6%B7%E0%A7%8D%E0%A6%A3-%E0%A6%85%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A6%B2%E0%A7%80%E0%A6%B2%E0%A6%BE_%E0%A6%96%E0%A6%A3%E0%A7%8D%E0%A6%A1.djvu.jpg)