শঙ্কৰদেৱ যেনে শুৱনি পুৰুষ আছিল তেওঁৰ গাত তেনে বৰ বলও আছিল। চৰিত্ৰ-পুথিত আছে, – এদিন তেওঁ কমলি-ধৰা পৰমানন্দ আতৈৰে সৈতে বাটেদি যাওঁতে এটা দুষ্ট ষাঁড়ে তেওঁক খুচিবলৈ খেদি অহা দেখি, তেওঁ ককালত কাপোৰ বান্ধি লৈ দুই হাতে ষাঁড়টোৰ দুই শিঙ্গত ধৰি ঘাৰ মুচৰি তাক পিছহোঁহকাই পেলাই দিলত ষাঁড়টো মৃত্যতুল্য হৈ অলপমান পৰি
থাকি, উঠি পলাই লৰ মাৰিলে।[১]
- ↑
"দিনেক শঙ্কৰদেৱ কৰিয়া ভোজন।
কৰি মুখ শুদ্ধি পথে কৰন্ত গমন॥
খান চাৰি গুৱাপান বাম হাতে ধৰি।
চলন্ত পথত আতি লীলাগতি কৰি॥
সেহি বেলা ষাণ্ড এক আগে উপগত।
দেখিয়া শঙ্কৰদেৱ গুণন্ত মনত॥
হঠাতে বাজিলোঁ পলাইবাক নপৰিলোঁ।
দিবে দুখ ইটো মোক অৱশ্যে জানিলোঁ॥
বাৰম্বাৰ ইটো মনুষ্যক মাৰিছয়।
শিঙ্গ পাতি শঙ্কৰক খেদিয়া আসয়॥
আছন্ত শঙ্কৰদেৱ বহি তাক চাই।
মনে গুণি আন একো নাপান্ত উপায়॥
গুৱাপান এৰি দুই হাতে দুই শিঙ্গে।
ধৰিয়া দিলন্ত ডাবি অতি বৰ ৰিঙ্গে॥
পাছক লাগিয়া হেম্পোচিয়া তাঙ্ক নেন্ত।
এৰাইবোঁ কিমতে বুলি মনত গুণন্ত॥
দুই ভিতি খাল দিশ নাহি পলাইবাক।
বাম পাশে খালত পেহ্লাইলা চিতে তাক॥
খালে পৰি ধৰফৰ কৰে অতিশয়।
ভয় হুয়া চাৰিও চৰণ আছাৰয়॥
উঠি মল মূত্ৰ ত্যজি শঙ্কৰদেৱক।
দেখিয়া পলায় আৰ নচাৱে পাছক॥