প্ৰবোধ দিবৰ মনেৰে তায়েক কৃষ্ণক কেনেকৈ বকিছে “ৰুক্মিণীৰ
তাপ দেখি বলো সকৰুণ। কৃষ্ণক বোলন্ত তুলি কিনো নিদাৰুণ॥
কিসক কৰিলা কুটুম্বৰ মৰ্ম্মভেদ। কোন কাৰ্য্যে দিয়া বোৱাৰীক
হৃদি খেদ॥। আনে পিন্ধাৱয় আনি চন্দন কুঙ্কম। তুমি চুণে
ছুইল’ নৱ সম্বন্ধী কুটুম। ইহাৰ অৱস্থ| দেখি মনে লাগে দুখ।
কেন মতে বহাৰীৰ চাহিবাহা মুখ॥ ৰুক্মিক কৰিলা এতমান
বহু শাস্তি। হেনসে নিৰ্দ্দয় ভৈল৷ থৈলা কুখিয়াতি॥ ” কৃষ্ণক
এইদৰে বকি তেওঁ ৰুক্মিণীক প্ৰবোধ দি কলে—“এৰা মনকষ্ট
শোক নকৰিবা সতি॥ ক্ষত্ৰী জাতি ভৈলে হোৱে হেন ব্যৱহাৰ।
বিবাদ লাগিলে ভাই ভাই চিন্তে মাৰ। দাৰুণ ক্ষত্ৰিয় জাতি
হেনসে অবোধ। সংগ্ৰাম লাগিলে পিত৷ পুত্ৰে কৰে যুধ॥
হেন জানি মাৱ তুমি নকৰিবা মম্ম॥ দুৰ্জ্জন ৰুক্মিও নেৰে কন্দলৰ
আশ। মন্দ কাৰ্য্য কৰিয়া আপুনি হোৱে নাশ॥ তাৰ কোন
হানি হোৱে কিয় আসে ধাই। উদয়াৰ যাণ্ডে যেন মৰে মাটি
খাই॥ ইহাৰ নকাঢ়োঁ দোষ বিধিৰ বিপাক। কোনে এৰাইবাক
পাৰে ৰিধি লিখিতাক॥ হেনয় লাঞ্ছনা হৈব কৃষ্ণৰ হাতত।
লিখিলে বিধাতা তৈবে আৰ কপালত।” কেনে সুন্দৰ বুজনি!
আক কেনে চেনেহৰ মাতেৰে দিয়া।
কৃষ্ণ যেতিয়া ৰুক্মিণীৰে সৈতে দ্বাৰকাৰ ঘৰ সোমালগৈ মাক দৈবকীয়ে "সধৱা সুন্দৰী নাৰীগণ লৈয়া সঙ্গে। পুত্ৰ খহাৰীক আগ বাঢ়ি গৈলা ৰঙ্গে। মাতৃক দেখিয়া হৰি যান্ত ধীৰে ধীৰে। ৰুক্মিণী সহিতে প্ৰণামিলা জানুশিৰে। চিৰঞ্জীৱ হোৱা বুলি আশীসিলা৷ সতী। ৰুক্মিণী বহাৰীয়েৰে হৌক সুবসতি॥ ৰুক্মিণীক