একান্ত বাসনা এবে, শুজিব সি ঋণ, হেঁপাহৰ পূজাভাগ, পূৰ্ণ বয়সত; নেলাগে প্ৰাণত আৰু মাতৃ-কোলা-সুখ, মৰীচিকা মাজে খেলা, স্বামীপদ বিনে। নুঘূৰিল লীলা-মন শত বুজনিত; নোৱাৰিলোঁ এৰুৱাব লগ-ধৰা-বাহু।