পৃষ্ঠা:লট্‌কন্‌.pdf/৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
লটকন
শলাগ লোৱা জন্তু আৰু অশলাগী মানুহ।

এখন গাৱঁত যজ্ঞেশ্বৰ নামেৰে এজন বামুণ আছিল। তেওঁ নিচেই নিমাখিত। তেওঁৰ লৰা-ছোৱালীও এথোপা—ইফালে খাবলৈ ঘৰত ব্ৰহ্মকণ এটিও নাই। সেই দেখি, তেওঁ এসাঁজ খাই এসাঁজ লঘোনে থাকে। এদিন বামুণীয়ে তেওঁলৈ কোদোৱাকৈ চাই কলে, “আপুনি বৰ পোৰাকপলীয়া আৰু সোৰোপা মানুহ। লৰা-ছোৱালীবোৰ ঢৰা— লঘোনে পৰি থকা আপুনি চকুৰে দেখা নাইনে? তথাপি আপুনি অগিয়ান টলকা মাৰি সিহঁতৰ আলৈ-বিলৈ চাই বহি আছে৷ ধিক্ এনেকুৱা জীৱন! আপুনি আজিয়েই ঘৰৰ পৰা বাহিৰ হওক—ধন ঘটি আনিব পাৰিলেহে আপোনাক ঘৰ সোমাবলৈ দিম।”

বামুণীৰ তৰ্জ্জন গৰ্জ্জন শুনি শুনি বামুণৰ তিতা লাগিছিল। তাতে আজি আকৌ ঘৈণীয়েকে তেওঁৰ “জ্ঞান” আৰু “চকু”ত ধৰা বাবে তেওঁ মৰণান্তিক বেজাৰ পালে। সেই কাৰণে, দিনদিয়েক দীঘলীয়াকৈ ফুৰোঁগৈ বুলি তেওঁ সেই দিনাই ঘৰৰ পৰা ওলাই গল আৰু এখন ডাঠ হাবিত সোমালগৈ। বাটকুৰি বাই যাওঁতে যাওঁতে তেওঁৰ বৰ ভোক আৰু পিয়াহ