পৃষ্ঠা:লট্‌কন্‌.pdf/৩৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(২৫)


আকাশৰ ফালে হাতযোৰ কৰি চিঞৰিবলৈ ধৰিলে, "চোৱা ঔ ৰাইজসকল, এই মানুহখোৱাটোৱে বিনা দোষত মোৰ নাকটো কাটিলে। মই তাৰ বেইতা তিৰুতা আৰু মোৰ জ্ঞানবিশ্বাসমতে মই তাত বাজে আন কাকো ভবা নাই; মৰিলোঁ- মৰিলোঁ-কোন কত আছা, ধৰাহিহঁক ঔ"।

তাইৰ কান্দোন শুনি ৰজাৰ কোটোৱাল খেদি আহিল, নাপিতক জালুক খোৱাকৈ কিলালে আৰু তাক পাছলৈ হাত কৰি বান্ধি, নাককাটা ঘৈণীয়েকে সৈতে ৰজাৰ ওচৰলৈ লৈ গল। ৰজাৰ চৰা পোৱাৰ পাছত বিচাৰক সকলে তাক সুধিলে "হেৰ মানুহটো, ঘৈণীয়েৰৰ নাক কাটিলি কিয়? তই বৰমতাই দেশত হবলা ৰজা নাই বুলিয়েই ভাবিছ”। তাক নিমাত দেখি (কাণ্ড দেখি আচৰিত হৈ নাপিতৰ বুধি ভিতৰ সোমাইছিল) তেওঁবিলাকে মনুসংহিতাৰ শ্লোক এটা মাতি কলে, "মানুহটো নিশ্চয় দোষী। মাইকী মানুহক এনেকুৱা দেশত নাইকিয়া অত্যাচাৰ কৰা বাবে তাৰ উচিত দণ্ড মৃত্যু; এতেকে, তাক শূলত দিয়া হওক”।

নাপিতক শূলত দিয়া ঠাইলৈ চোঁচৰাই নিয়া দেখি দেৱদত্তই বিচাৰকসকলৰ ওচৰ চাপি কলে, "মহাৰাজৰ দোহাই-ডাঙৰীয়াসকল, এই দুৰ্ভগীয়া মানুহটোক বধ কৰিবলৈ আদেশ দিয়াটো তেনেই অন্যায় হৈছে। সি একো অবিধি কাম কৰা নাই। বুঢ়া বামুণে ঘটনাটো কওঁ-অনুগ্ৰহ কৰি আপোনালোকে শুনক। আমি নিজৰ দোষত নিজে নিকাৰ ভুঞ্জিছোঁঃ-