পৃষ্ঠা:লট্‌কন্‌.pdf/৩০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(২২)


কলে, "শুনিছ ৰঙিলী, তোৰ গিৰিয়েৰ এতিয়া মদৰ জালত লালকাল হৈ পৰি আছে আৰু বেলি নোলাই মানে সি এই দৰে জগাকাঠ হৈ পৰি থাকিব। সেই কাৰণে তোক মোকলাই দি তোৰ সলনি মই বান্ধ খাই থাকোঁ; কিন্তু বিহুৱাক দেখা কৰাৰ পাছত তই বেগাই উলটি আহিব লাগিব!”

সেই বুধি মতেই দুয়ো কাম কৰিলে। ইয়াৰ অলপ পাছতে তাঁতী থৰকবৰককৈ থিয় হল। তেতিয়া তাৰ খং অলপ পাতলিছিল। মদৰ নিচাই তেতিয়াও তাক এৰা নাই। সি খুঁটাত বান্ধি থোৱা ঘৈণীয়েকক (ঘৈণীয়েক বুলি নাপিতনীক) কলে, "নাটেশৰী শুন; তই যদি আজিৰ পৰা ঘৰত থাক, মোক গালিশপনি নেপাৰ আৰু মোৰ হাকবচন মতে চল, তেন্তে মই তোক আজিলৈ মোকলাই দিওঁ।”

কিন্তু মাত মাতিলে ধৰা পৰাৰ ভয়ত নাপিতৰ ঘৈণীয়েকে একো উত্তৰ নিদিলে। সি ঘূৰাই ঘূৰাই তাইক একেটা কথাকে সুধিলে, কিন্তু চকমলাই পুৰি খাবলৈকে নেমাতিলে। মুৰকত তাৰ বৰ খং উঠিল আৰু জেপৰ পৰা চোকা কটাৰীখন উলিয়াই লৈ সি তাৰে তাইৰ নাকটো গুৰিতে কাটি পেলালে। তাকে কৰি সি কলে, "যিদৰে আছ সেই দৰেই থাক-ভালৰি বোলাবলৈ মই আৰু কেতিয়াও চেষ্টা নকৰোঁ।” এইদৰে মোকমোকাই সি টোপনিত আকৌ অচেতন হল। দেৱদত্তৰ পেটত ভোকে শানে কটাদি কাটিছিল-তাতে ধন হেৰোৱাৰ বেজাৰ-গতিকে, তেওঁৰ চকুৰ পতাই-পতাই লগা