পৃষ্ঠা:লট্‌কন্‌.pdf/২৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১৯)


তাঁতীৰ ঘৈণীয়েক আৰু নাপিতৰ ঘৈণীয়েক।


তেওঁ গৈ থাকোঁতে বাটত এটা তাঁতী লগ পালে। সি তাৰ ঘৈণীয়েকক লগত লৈ ওচৰৰ নগৰৰ পৰা মদ আনিবলৈ গৈছিল। সিহঁতক দেখি সন্ন্যাসীয়ে কলে, "সন্ধ্যা লাগোঁ লাগোঁ হৈছে-এই গাৱঁত মই কাকো চিনি নেপাওঁ; এতেকে ৰাতিটোৰ কাৰণে তোমাৰ ঘৰতে আলহী ৰওঁ বুলিছোঁ। ঠাই এডুখৰি দি বুঢ়া বামুণক সহায় কৰা।”

দেৱদত্তৰ কথা শুনি তাঁতীয়ে ঘৈণীয়েকক কলে, "বান্ধৈ, এই বামুণজন লৈ তুমি ঘৰলৈ যোৱা আৰু তেওঁক আদৰ-সাদৰ কৰি ভৰি ধুবলৈ পানী, খাবলৈ জা-জলপান আৰু শুবলৈ ঢাৰীপাটী যতনাই দিবা। গধূলিৰ অতিথি সাক্ষাত দামোদৰ বুলি ভাবিবা, দেই; তোমাৰ কাৰণে মই বহুত মঙহ আৰু মদ আনিম।”

তাৰ কথা শুনি ঘৈণীয়েকে দেৱদত্তক লগত লৈ ঘৰলৈ উলটিল। তাই ৰচকী তিৰুতা-তাইৰ এতিয়া আনন্দত ঠাই নাই। তাই বিহুৱা নামেৰে পৰপুৰুষ এটাৰ কথা মনতে ভাবি আছিল। ঘৰ পাই তাই দেৱদত্তক ভগা চালপীৰা এখন দেখুৱাই দি কলে, "দেউ, সৌ সি-ঘৰিলৈ মোৰ এগৰাকী লগৰী আহিছে-মই সাউৎকতে তেওঁক দেখা কৰি আহোঁগৈ; আপুনি ইয়াতে পৰি থাকক-আমাৰ ঘৰৰ ফালেও চাব।” ইয়াকে কৈ