পৃষ্ঠা:লট্‌কন্‌.pdf/২৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১৮)


শিয়ালটো দেখি দেৱদত্তই ভাবিলে, 'শিয়ালটো অতিপাত মূৰ্খ। ভেড়া দুটাই ফেৰ পাতি যুঁজ মাৰিবলৈ অহাৰ সময়ত ই যদি কেনেবাকৈ সিহঁতৰ মাজত পৰে, তেন্তে তাৰ নিস্তাৰ নাই-সি থিতাতে মৰিব'।

লোভত তেজ চেলেকি আহোঁতে আহোঁতে শিয়াল হঠাৎ ছাগলি হালৰ মাজত সোমাল আৰু তুৰন্তে মৰা পৰিল। শিয়ালটো আওমৰণেৰে মৰা দেখি দেৱদত্তই বৰ বেজাৰ পালে। এনে সময়তে জেঠুক গতাই অহা ধনৰ টোপোলাটোলৈ তেওঁৰ চেৰেংকৰে মনত পৰিল। মোনাটো বিচাৰি তেওঁ তেতিয়াই নৈৰ পাৰলৈ উলটি গল।

তালৈ আহি তেওঁ জেঠুৰ একো চিনচাবকৈ নেপালে। ভালেখিনি- পৰ বিচৰাৰ পাছত তেওঁ অলপ আঁতৰত কাপোৰ-কানিখিনি পৰি থকা দেখিলে হয়, কিন্তু ধনৰ মোনাটো হলে নেপালে। ইয়াৰ পাছত "মোৰ ধনৰ টোপোলাটো জেঠুৱে চুৰ কৰি নিলে ঔ” বুলি চিঞৰি-বাখৰি মাটিত ঢাঁচকৰে লুটি থাই পৰি, বিমূৰ্চ্চিত দিলে। জ্ঞান পাই তেওঁ পুনৰ, "জেঠু-জেঠু-ঠগ-প্ৰবঞ্চক- হতশ্ৰী হোৱা-এই দৰে বামুণৰ তেজ খাই কলৈ গলি ঔ” বুলি আটাহিয়াবলৈ ধৰিলে। এনেকুৱা আৰু অনেক বিলাপ কৰি তেওঁ নিজকে নিজে কলে, "জেঠুক দুষিলে কি হব-গুৰিতে দোষ মোৰ গাত; তাক বিশ্বাস কৰা বাবেই মোৰ এনে দশা হল”। তাৰ পাছত তেওঁ শিষ্যৰ ঘৰত শান্তিকৰম কৰিবলৈ সিখন গাৱঁলৈ গল।