পৃষ্ঠা:লট্‌কন্‌.pdf/২১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১৩)

তই কোনটো কুকুৰ আৰু কোনটো ছাগলি তাকে চিনি নেপাৱ–তই কণানে কি”? ধূৰ্ত্তই কলে, “খং নকৰিব দেউ, আমি আঁউসী- একাদশী বুলি কবহে পাৰোঁ, নাঙলযুঁৱলি কাটিব নোৱাৰোঁ। আমাৰ কথা নুশুনে যদি গৈ থাকক বাৰু”!

তেওঁ তাৰ পৰা অলপ দূৰ গৈছে মাথোন এনেতে দ্বিতীয়টো ধূৰ্ত্তই তেওঁক লগ ধৰি কলে, “ভৈয়াই ঔ! ভালেতোহে দেশত আকাল হৈছে! মৰা চেঁউৰী গৰুজনী আপোনাৰ বৰ মৰমৰ হব পাৰে, কিন্তু সেই বুলি আপুনি এতিয়া তাইক কান্ধত তুলি লৈ ফুৰোৱা যুগুত হোৱা নাই। কাৰণ, মানুহে কোৱা শুনিছো বোলে মৰা শ মাত্ৰেই অশুচি –তেহেলৈ শটো মানুহৰে হওক বা জন্তুৰে হওক। তেওঁ চান্দ্ৰায়ন ব্ৰত নাইবা গাখীৰ দান কৰিলেহে হেনো শুচি হয়”।

সেই কথা শুনি বায়ুণে খঙত একো নাই হৈ কলে, “বাঘে-খোৱা, তই এই দিন দুপৰতো যদি গৰু আৰু ছাগলি চিনি নেপাৱ, তেন্তে তোৰ দুয়োটা চকু ফুটা—তই অন্ধলা। ধূৰ্ত্তই কলে, “দেউ, খং নকৰিব; মই কথাটো নেজানিহে কলোঁ। আপোনাৰ যি ইচ্ছা তাকে কৰক”।

তেওঁ অলপ দূৰ হাবিৰ মাজেদি যোৱাৰ পাছত, তৃতীয়টো ধূৰ্ত্তই তাৰ সাজ সলাই, বামুণৰ মুখামুখি হৈ কলে, “প্ৰভু, ফটা মুখ আছে যেতিয়া নেমাতি নোৱাৰোঁ—তেহেলৈ আপুনি গালিকে পাৰক। আপুনি মৰা