পৃষ্ঠা:লট্‌কন্‌.pdf/২০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১২)

দিলে। তাক খোজ কঢ়াই আৰু পিটিকি চাই বামুণে বুজিলে যে ছাগলিটোৰ গাত একে৷ ঘুণ নাই। তেওঁ তাক লৰা-লৰিকৈ কান্ধত তুলি লৈ ঘৰৰ ফালে খোজ ললে।

বাটত তিনটা ধূৰ্ত্তই তেওঁক লগ পালে। জাৰত সিহঁত কেঁকুৰি ফুৰিছিল। বামুণৰ কানত নোদোকা ছাগলিটো দেখি সিহঁতৰ বৰ লোভ লাগিল আৰু সিহঁত তিনিওটাই ফুচফুচাই এই দৰে পৰামৰ্শ কৰিবলৈ ধৰিলে, “যদি কোনো উপায়েৰে তেওঁৰ হাতৰ পৰা ছাগলিটো আনিব পাৰোঁ, তেন্তে তাক খাই এই ঢেলা-ডাৱৰীয়াও আমাৰ গালৈ উম আনিব পাৰোহঁক। আহাঁ, আমি তেওঁক ভুৱা দি ছাগলিটো আনো আৰু মহাসুখে খাই গাৰ জাৰ গুচাওঁ”।

ইয়াকে ঠিক কৰি প্ৰথমটো ধূৰ্ত্তই ভেশ-ছন কৰি সুৰুকীয়া বাট এটাই দি গৈ বামুণক মাত লগালে, “দেউ, প্ৰণাম! ছুলে গা ধুব লগা মৰা কুকুৰটো কান্ধত লৈ কলৈ যায়? এনে কাম কৰা বৰ হাঁহিয়াতৰ কথা—বিশেষকৈ আপোনাৰ নিচিন৷ তুলসীপাত যেন বামুণৰ পক্ষে ই বৰ গৰ্হিত কাম। আমি শুকক কি বেদ পঢ়াম! কুকুৰ, গাধ আৰু উট—এই তিনিবিধ জন্তু সমানে অশুচি বুলি আপুনিও জানে চাগৈ। বাছ-বিচাৰ থকা কোনো মানুহে ইয়াৰ এটাও নোছোৱে”!

কথাটো শুনি বামুণে খঙেৰে ভেকাহি মাৰি কলে, “দূৰ হ মূৰ্খ!