পৃষ্ঠা:লট্‌কন্‌.pdf/১৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১১)

এই কথা লৈ সিহঁতৰ মাজত কাঁজিয়া লাগিল—কোনেও কাকো এৰি নিদিয়ে। চোৰে বোলে “মই আগতে গৰু নিওঁ” আৰু দৈত্যই বোলে “মই আগতে বামুণক খাওঁ”। সিহঁতৰ তৰ্কাতৰ্কি আৰু হকাহুনা শুনি বামুণে সাৰ পালে আৰু একেচাবে উঠি বহিল।

তেতিয়া চোৰে কলে, “দেউ, এই দৈত্যটোৱে আপোনাক খাব খুজিছে” আৰু দৈত্যই কলে, “বাপু, এই চোৰে তোমাৰ গৰু দুজনী চুৰ কৰিব খুজিছে”।

সিহঁতৰ কথা শুনি বামুণ সষ্টম হৈ থিয় হল। বামুণে ইষ্টদেৱতাক স্মৰণ কৰা মাত্ৰকতে দৈত্যই পলাই পত্ৰং দিলে। তাৰ পাছত তেওঁ চোৰক ভালকৈ এবটালি দি তাৰ হাতৰ পৰা গৰু দুজনী কাঢ়ি আনিলে।


এজন বামুণ আৰু তিনটা ধূৰ্ত্ত।

কোনো এখন নগৰত মিত্ৰধৰ নামেৰে এগৰাকী অগ্নিহোত্ৰী বামুণ আছিল। মাঘ মাহৰ কৃষ্ণপক্ষৰ পুৱা এদিন ফেৰফেৰকৈ বতাহ মাৰিছে আৰু বৰষুণ কণিয়াইছে, তেনেতে তেওঁ বলিৰ কাৰণে ছাগলি এটা বিচাৰি ওচৰৰ গাওঁ এখনলৈ গল। তাত তেওঁ যজমান এজনক কলে, “আগত চতুৰ্দ্দশীলৈ ৰটন্তী কালীপূজা — সেই পূজাৰ নিমিত্তে মোক এটা ছাগলি দিয়া”। সেই কথা শুনি গৃহস্থই তেওঁক সৰ্ব্বসুলক্ষণীয়া ছাগলি এটা