পৃষ্ঠা:লট্‌কন্‌.pdf/১৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৯)

ঘঁহা, তেওঁৰ মানত সমাজিকৰ বাতৰি। তেওঁ ডাঁঢ়িচুলিৰে ভোবোকাৰ আৰু তেওঁৰ নখ দীঘল দীঘল। চুলিবোৰ ইমান দীঘল হৈছিল যে তেওঁৰ চকুমুখ ঢাকি পেলাইছিল। ৰদত শুকাই আৰু বৰষুণত তিতি কাম কৰিব লগা হোৱাত, তেওঁ নিসত আৰু তেওঁৰ গোটেইটো গা ফপৰীয়া।

মানুহ এজনে পুতৌ কৰি এদিন তেওঁক দুজনী চেঁউৰী গৰু দিলে। দান দিয়াৰ সময়ত গৰু দুজনী পোৱালী আৰু তেনেই চেৰেলী আছিল, কিন্তু বামুণে মাগি অনাৰে মাহচাউল আৰু ভাল ভাল বস্তু সিহঁতক ইমানকৈ খুৱাবলৈ ধৰিলে যে অলপ দিনৰ ভিতৰতে সিহঁত উথলি আহিল।

চোৰ এটাই এদিন গৰু দুজনী দেখি ভাবিলে ‘বামুণৰ গৰু দুজনী দেখিলে ভোকপিয়াহ হৰা হৈছে—মই আজিয়েই সিহঁতক চুৰ কৰি নিম।’ ইয়াকে ভাবি সি ফুট-গধূলিতে হাতত পঘা লৈ, বামুণৰ ঘৰলৈ যাবলৈ ওলাল। অলপ দূৰ আহোঁতেই সি বাটত এটা দৈত্য লগ পালে। কুমাৰৰ মাটি-খনা কোৰৰ সমান তাৰ একোচলা দাঁত—সিও সেৰেঙা-সেৰেং, অমৰাগুটি যেন একোটা চকু, পাকৈঢোঁৰাৰ ঠোঁটৰ দৰে নাক,গাল শোটোৰাশোটোৰ, ভৰি আজোখা আৰু আগঢ়ী, গাৰ ছাল গঁড়ৰ ছালৰ দৰে মেটুৰামেটুৰ আৰু ডাঢ়িগোঁফবোৰ তামবৰণীয়া।

তাক দেখি চোৰে ভয়ত কঁপিবলৈ ধৰিলে। তেও সি মৰসাহ দি সুধিলে, “ডাঙৰীয়া, আপুনি কোন”?