পৃষ্ঠা:লট্‌কন্‌.pdf/১৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৮)

সদৌশেহত ৰাণীক ভাল কৰি দিবলৈ ঢোলপিটি ঘোষণা কৰা হল। কথাটো শুনি বামুণে কলে, “ময়ে তেওঁক ভাল কৰি দিব পাৰোঁ”। ৰজাৰ মানুহে তেওঁক তৎকালে কাৰেঙলৈ নি ৰজাক ভেটাই দিলেগৈ। ৰজাই কলে, “দেউ, অনুগ্ৰহ কৰি ৰাণীক ভাল কৰি দিয়ক”। সেই কথা শুনি বামুণে ৰাণীক হাতেৰে ছুলে—আৰু ৰাণী সেই মুহূৰ্ত্ততে ভাল হল।

বামুণৰ অনুগ্ৰহত ৰাণীয়ে নতুনকৈ জীৱন পোৱা দেখি ৰজাই তেওঁক যথাযোগ্য মানসৎকাৰ কৰি সবিনয়ে সুধিলে, “দেউ, মোক নেভাঁৰিব—সঁচা কথা কওক, আপুনি এই সোণৰ সাতসৰীধাৰ কত পালে”? বামুণে আদিৰে পৰা অন্তলৈকে সকলো কথা ৰজাৰ আগত বিবৰি কলে। কথাটো শুনা মাত্ৰকে ৰজাই সোণাৰিটোক ধৰাই অনালে আৰু বামুণ জনক এহেজাৰখন গাওঁ দি তেওঁৰ প্ৰধান মন্ত্ৰী পাতিলে। সেই হেতুকে, বামুণে তেওঁৰ ঘৈণীয়েক লৰা-ছোৱালী বন্ধুবান্ধৱ আৰু মিৰিকুটুম অনালে আৰু বিবিধ উৎসৱ আৰু ব্ৰাহ্মণভোজন কৰাই, ৰাজকাৰ্য্যত মনপুটি লাগি গল আৰু বহুত দিন সুখসন্তোষত কটালে।


দৈত্য, চোৰ আৰু বামুণ।

কোনে এখন গাঁৱত এজন বামুণ আছিল। সকাম-নিকাম কৰি যি অলপ দান-দক্ষিণা পাইছিল তেওঁ তাৰেই দুখে-কষ্টে সংসাৰ চলাইছিল। ভাল কাপোৰ-কানি আৰু অলঙ্কাৰ পিন্ধা, গাত তেল-টেঙা আৰু চন্দন