পৃষ্ঠা:লট্‌কন্‌.pdf/১৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৬)

বাঘৰ দান গ্ৰহণ কৰাৰ পাছতে বামুণৰ সোণাৰিলৈ মনত পৰিল। তেওঁ ভাবিলে, ‘সোণাৰিয়ে অলঙ্কাৰখিনি বেচি তেওঁক চিকাৰূপ দিব'। সেই কাৰণে তেওঁ বহুত খপিয়াই সোণাৰিৰ ঘৰ উলিয়ালেগৈ। বামুণক দেখি সোণাৰিয়ে বৰ আস্তব্যস্তকৈ, তেওঁক ভৰি ধুবলৈ পানী, বহিবলৈ পাটীটৰা আৰু খাবলৈ জা-জলপান দি বৰ আদপেৰে অতিথি শুশ্ৰূষা কৰিলে। তাৰ পাছত সি কলে, “প্ৰভু, আমাৰ ভগা-বহালৈ অহাৰ সকাম কি? ” বামুণে কলে, “সোণ এফেৰি পাই আনিছোঁ—তাকে তুমি বেচি দিব লাগে”। সোণাৰিয়ে কলে, “চাওঁ সোণখিনি”। বামুণে বাঘে দিয়া অলঙ্কাৰসোপা সোণাৰিক দেখুৱালে।

সাতসৰীধাৰ দেখি সোণাৰিয়ে ভাবিলে, ‘ম‍ই কোঁৱৰক গঢ়ি দিয়া সাতসৰী এই ধাৰেই'। কথাটো আৰু ভালকৈ গমি চাই সি বামুণক কলে, “সাতসৰীধাৰ গ্ৰাহক এজনক দেখুৱাই আনো মানে আপুনি ইয়াতে খন্তেক বহক”। ইয়াকে কৈ সি ৰজাৰ কাৰেঙলৈ গুমাই গল আৰু ৰজাক সাতসৰীধাৰ দেখুৱালেগৈ। ৰজাই মালটো ভালকৈ পিটিকি-মুচৰি চাই সুধিলে, “এই সাতসৰীধাৰ কত পালি”? সোণাৰিয়ে লাহেকৈ কলে, “স্বৰ্গদেও ঈশ্বৰ, কাটক লাগে মাৰক—বামুণ এজনে এই পদ মাল মোক বেচিবলৈ দিছেহি। ছল-বুধি কৰি তেওঁক বন্দীৰ ঘৰতে থৈ অহা হৈছে”!