পৃষ্ঠা:লট্‌কন্‌.pdf/১২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(8)

ফালৰ হেলনীয়া ঠাইৰ গুহা এটাত ম‍ই থাকোঁ। আপুনি অনুগ্ৰহ কৰি এদিন সেই ঠাইলৈ যাব আৰু তেতিয়া আপুনি কৰা এই উপকাৰৰ হৈ ম‍ই দুখীৰ দুখী অৱস্থাৰে যি পাৰোঁ উপকাৰ কৰিম। তেতিয়াহে যদি এই জনমতে আপোনাৰ ধাৰ শুজিব পাৰোঁ।” ইয়াকে কৈ সি তাৰ গাঁতলৈ গুচি গল।

তাৰ পাছত বান্দৰে কলে, “বাঘৰ গাঁতৰ পৰা অলপ দূৰত থকা নিজৰাটোৰ ওচৰতে মই থাকোঁ। আপুনি এদিন দহোকুৰি মোৰ তালৈ যাব”। ইয়াকে কৈ সি গুচি গল।

ইয়াৰ পাছত সাপে কলে, “যেতিয়া আপোনাৰ কিবা প্ৰয়োজন হয় আপুনি তেতিয়াই মোক স্মৰণ কৰিব৷” ইয়াকে কৈ সি নিজ ঠাইলৈ গুচি গল।

কুঁৱাত থকা মানুহটোৱে চিঞৰি চিঞৰি কলে, “দেউ, মোকো পাৰলৈ তোলক—মোকো পাৰলৈ তোলক।” তাৰ জয়দেউ কাকূতি শুনি তেওঁৰ মন পমি গল আৰু তেওঁ ভাবিলে, ‘যি কি নহওক, তেওঁ মোৰ স্বজাতি।' সেই নিমিত্তে, তেওঁ ততালিকে তাকো পাৰলৈ তুলিলে। মানুহটোৱে কলে, “মই জাতত সোণাৰি—মোৰ ঘৰ বৰৌচ্ নগৰত। কিবা অলঙ্কাৰ গঢ়াব লগা হলে আপুনি মোক সোণ দিব আৰু ম‍ই আপোনাক যেনে লাগে তেনে অলঙ্কাৰ, গঢ়নি নোলোৱাকৈ গঢ়ি দিম।” ইয়াকে কৈ সি ঘৰৰ ফালে খোজ ললে।