পৃষ্ঠা:লট্‌কন্‌.pdf/১১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৩)

সেই কথা শুনি বামুণজনে কথাটো এই দৰে দ-কৈ ভাবিবলৈ ধৰিলে, ‘বিপদত পৰা জন্তু এটাৰ প্ৰাণ ৰক্ষা কৰিবলৈ যাওঁতে মোৰ যদি কিবা অনিষ্ট হয়, সিও ভাল; কাৰণ, তথাপি এটা ভাল কাম কৰা হব আৰু তাৰ পৰা, আন একো লাভ নহলেও, মোৰ মনলৈ বিমল শান্তি আহিব।’

ইয়াকে ভাবি তেওঁ বাঘটো পাৰলৈ তুলিলে। তাকে দেখি বান্দৰটোৱে চিঞৰি চিঞৰি কলে, “দেউ, মোকো পাৰলৈ তোলক।” বামুণগৰাকীয়ে বান্দৰটোকো পাৰলৈ তুলিলে। তাৰ পাছত সাপটোৱে কলে, “প্ৰভু মোকো ওপৰলৈ তোলক।” বামুণজনে কলে, “হেৰ সাপ, তোৰ নাম শুনিলেও মানুহে ভয়ত ‘গৰুড় গৰুড়' কৰে, তেনেস্থলত তোক ছোওঁ কেনেকৈ? ” কিন্তু সাপে কলে, “দেউ, আমি নিজ ইচ্ছামতে কাকো অপকাৰ কৰিব নোৱাৰোঁ—সেই কথা আপুনি জানেই। সিজনৰ পৰা যেতিয়া আমি আজ্ঞা পাওঁ, তেতিয়াহে আমি কোনো লোকক খোটোঁ; দংশন কৰাটো আমাৰ স্বভাৱ; ম‍ই আপোনাক একো অপকাৰ নকৰোঁ বুলি টাকি শপত খাইছোঁ।” সেই কথা শুনি যজ্ঞেশ্বৰ বাপুৱে সাপটোকো পাৰলৈ তুলিলে। তাৰ পাছত সিহঁত তিনিওটাই একেমুখে কলে, “প্ৰভু কুঁৱাৰ তলিত থকা মানুহটোৱে কৰিব নোৱাৰা পাপ কাম একো নাই। এতেকে আপুনি তাক বিশ্বাসো নকৰিব আৰু পাৰলৈকো নুতুলিব।” বাঘে আৰু কলে, “বহুত টিং থকা সৌ পৰ্ব্বতটো দেখিছেনে? তাৰ উত্তৰ