“বাইটি, তোমাৰ মূৰৰ চুলিৰ সমান আয়ুস হ’ক। তুমি দৰৱ পালি দি মোক ভাল ৰক্ষা কৰিলা।”
ভেকুলীবায়ে হাঁহি এটা মাৰি নেউলক লাডু এটা দি ক’লে—“বিপদত ইজনে সিজনক সহায় নকৰিলে ভগবানে দায় নধৰিব জানো?”
গুৱৰুৱাই বাট চায়ে আছিল। ভেকুলীবায়ে তাক লাড়ু পিঠাৰ টোপোলাটো দিলে। হেপাঁহ পলুৱাই খাই তিনি দিন তিনি ৰাতি লঘোণে থকা গুৱৰুৱাৰ দেহলৈ তত্ আহিল। ভেকুলীবাইক ক’লে ‘তোমাক গোঁসায়ে মঙ্গল কৰক’।
ঘৰমুৱা হৈ, ভেকুলীবায়ে গুঁইক ৰৈ থকা দৈখা পালে। ওচৰ পোৱাত গুঁয়ে ক'লে—
“বিপদৰ বেলিকা বৰ উপকাৰ কৰিলা দিয়া।”
ভেকুলীবায়ে ক’লে— “ইজনৰ দুখ সিজনে নুবুজিলে হবজানো?”
গুইয়ে ক'লে—
“সজলোকৰ সজ কথা।”
এদিনাখন দুপৰীয়া। ভেকুলীবায়ে পুখুৰীটোত জোবোৰা দুটামান মাৰি পাৰলৈ উঠিছিলহে। ফেঁটী সাপ এটা বাট ভেঁটি ধৰিলে।
ভেকুলী বাইৰ চুলিৰ আগে জীৱ উৰি গ'ল। মনতে ভাবিলে— এই কালটোৱে মোক এতিয়া গোটে গোটে গিলি থব। কিন্তু হঠাতে ক’ৰপৰা নেউল আহি সাপটোক থাপ্মাৰি ধৰিলেহি। দুয়োটাৰে মাজত তয়াময়া যুঁজ লাগিল। ভয়তে ভেকুলীবায়ে কচু এজোপাৰ আঁৰ লৈ চাই থাকিল। নেউলে ফেঁটী সাপটোক দোখৰ ডোখৰ কৰি পেলালে।
ভেকুলী বাই নেউলৰ ওচৰ চাপি ক’লে—“আজি তুমি মোক ভাল ৰক্ষা কৰিলা দেই।”
হাঁহি মাৰি নেউলে ক’লে--
উপকাৰীক উপকাৰ নকৰিলে ভগবানে দায় নধৰিব জানো??’’—এই বুলি সাপৰ বিষ লগা তাৰ গাটোত সানিবলৈ বনদৰৱ বিচাৰি সি কাষৰ হাবিখনলৈ
দৌৰ মাৰিলে। ভেকুলী বায়েও সন্তোষৰ হাঁহি এটা মাৰি ঘৰলৈ উভটিল।