..............দুটামান বাক্যই যে মোক মোহিনী বাণকে মাৰি পঠিয়ালে অৰ্থাৎ কঠুৱা মানুহটোকো কবি কৈ পেলালে। উগুল থুগুল লাগি থকা বৈশ্যৰ মনটো যেতিয়া অসীমত মিলি শান্ত হৈ পৰিল, মইও তেতিয়া ধীৰ স্থিৰ হৈ পৰিলোঁ - কবিপ্ৰাণৰ মায়াত পৰা ধৰ ফৰণি আৰু কটা গ’ল।.................
বেণুধৰ শৰ্মা
২৬।১১৷৭৩
..................এই ‘অসীমৰ প্ৰতি’ কথাষাৰেই বৈশ্য কবিৰ প্ৰেম যে শতদল
ফুলা আৰু ভূমণ্ডল ঘূৰা প্ৰেমৰ শাৰীৰ এই কথা আমাক উপলব্ধি
কৰোৱায়।•••••••••এক অপাৰ্থিৱ ভাব জগতত দুটি বাস্তৱ প্ৰাণ এক হৈ
যোৱাৰ কথা উপলব্ধি কৰাটো সাধাৰণ কথা হৈ থাকিব নোৱাৰে।••••
যোগেশ দাস
১৪ মাৰ্চ, ১৯৭১
...............এই ‘মিলন’ সুতিৰ তলি গভীৰ হলেও স্বচ্ছ, ওপৰৰ পৰাই
মণিব পাৰি, গতি সাবলীল, বাটে বাটে চমকি-থমকি যাবৰ আৱ-
শ্যক নকৰে৷............
অতুল চন্দ্ৰ হাজৰিকা।
৩৷৬৷৭১
..................এই কবিতাৰ আধাৰ ভূমিত তেওঁৰ অকলশৰীয়া নীৰৱ
সাধনাৰ পৰিচয় পোৱা যায়।.............এটা সুস্পষ্ট প্ৰেৰণা নহলে
এনেকুৱা কবিতা লেখা সহজ নহয়। তেনে প্ৰেৰণাৰ অভাস এই
কবিতাত দেখিবলৈ পাইছোঁ৷ ... ....এই কবিতাত দৈহিক আকু-
লতাক অৱলম্বন কৰি দেহৰ ভাষাৰে আত্মাৰ হাবিয়াসৰ কাব্যৰূপ
দিবলৈ চেষ্টা কৰা হৈছে।..............
তীৰ্থ নাথ শৰ্ম্মা
১৪৷৭৷৭১