আকৌ, অৰ্জ্জুন ক্ষত্ৰিয় আছিল আৰু বাৰুণী সুৰা
আৰু মাংস খাইছিল। অশ্বমেধ যজ্ঞও কৰিছিল। তথাপি
ভগৱন্ত কৃষ্ণই গীতাত অতি উচ্চ পৰমাৰ্থ তত্ত্বৰ ভাগৱত
ধৰ্ম্ম জানিবৰ অধিকাৰী বুলি ভাবিছিল আৰু কেৱল এই
ধৰ্ম্মকে কোৱা নাছিল, তেওঁক বিস্বৰূপো দেখুৱাইছিল।
এতেকে মাছ-মাংস খালেই ধৰ্ম্মৰ ব্যভিচাৰ নহয় আৰু
ভকতক পথ ভ্ৰষ্টও কৰিব নোৱাৰে। মহাপুৰুষে মাছ-
মাংস নিষেধ নকৰাৰ ইও এটি কাৰণ হব পায়।
আৰু এটি কথালৈ মন কৰা উচিত—
সকলো ভূতৰ অৰ্থাৎ ব্ৰহ্মাদিৰপৰা আৰম্ভ কৰি সামান্য ঘাঁহ একোছালৈ সকলোৰে জনম-মৰণ আছে। অকে প্ৰাণীৰ প্ৰাণ আহাৰৰ ওপৰত নিৰ্ভৰ কৰে। গৰুৱে ঘাঁহ আৰু মানুহে অন্নৰ ওপৰত তিষ্ঠে। অন্ন বুলিলে আমি খোৱা ভাত, মাছ, মাংস, শাক-পাচলি আদি বুজায়। কোনোৱে ভাবিব পাৰে যে, মাছ-মাংস আমাৰ আহাৰ নহয়, কিয়নো আমি তাক নাখায়ো থাকিব পাৰোঁ৷ কিন্তু তেনে ভবা ভুল। মানুহৰ কুকুৰ- দাঁত আছে। এতেকে মানুহ মাংসাহাৰী। যি প্ৰাণীৰ