ঘৰ-পোহা পহু-চৰাই মাৰি খাবলৈ বৰ সুবিধা, কিয়নো
যেতিয়াই লাগে তেতিয়াই তাৰে এটা মাৰি খাবলৈ
গৃহস্থৰ সুবিধা হয়। সেই দেখি এই ধৰ্ম্মৰ গুৰুসকলে
হাঁহ, পাৰ, ছাগল, গাহৰি আদি পোহা নিষেধ কৰিছে।
মহাপুৰুষীয়াসকলে এইবোৰ পশু-পক্ষী নোপোহে আৰু
পুহিব নোৱাৰে। মাংস খোৱা নিবাৰণৰ এই এটি উপায়।
কিন্তু ই সম্পূৰ্ণ নহয়। জঙ্গলত পহু চিকাৰ কৰা কষ্ট সাধ্য
আৰু সদায় পোৱাৰো স্থিৰতা নাই। সেই দেখি বনৰীয়া
হাঁহ আৰু হৰিণ খোৱাত বাধা নাই। সম্ভবতঃ
লোকসংগ্ৰহৰ বাবে মাছ আৰু বনৰীয়া হাঁহ আৰু হৰিণ
খোৱা নিষেধ কৰা নাই। ঘৰ-পোহা হাঁহ, পাৰ আৰু ছাগল
খোৱা নিষিদ্ধ। পশুৰ ভিতৰত গাহৰি, গৰু, মহ আদি
আৰু মাছৰ ভিতৰত বহুত জাতিৰ মাছ সকলো হিন্দুৰ
অখাদ্য।
পক্ষান্তৰে চোৱা উচিত মাছ-মাংস খোৱাৰপৰা ভক্তিৰ ব্যভিচাৰ হয় নে নহয়। প্ৰহ্লাদ অসুৰ আছিল আৰু নিশ্চয় মদ-মাংস খাইছিল। কিন্তু তথাপি প্ৰহ্লাদ অতি উচ্চ ভকত হব পাৰিছিল। ইমান কি তেওঁ নিজকে ঈশ্বৰ বুলি ভাবিছিল।
“হৰি বুদ্ধি হোৱে আপোনাক।
কতো কৰে কৃষ্ণৰ চেষ্টাক॥”। •
কীৰ্ত্তন, ৩২৭।