৬৷ অহিংসা—এই ভাগৱৎ ধৰ্ম্মৰ প্ৰধান নীতি
অহিংসা। দেৱ-দেৱীৰ উদ্দেশ্যে পশু-বলি একেবাৰে
নিষিদ্ধ। নিজ জীৱন-ধাৰণৰ অৰ্থেও পশু বধ নকৰিব।
ইমান কি মহ, ডাহ, মাখি, জোক, পোক-পৰুৱাকো
গাৰ তেজ খালেও নামাৰিব৷ বাণীত এই অহিংস ধৰ্ম্মৰ
বৰ্ণনা আছে। কিন্তু মহাপুৰুষীয়া সম্প্ৰদায়ে পশু হিংসা
নকৰে এনে কথা কব নোৱাৰি। এওঁলোকে মাছ আৰু
হৰিণৰ মাংস খায়; নিজে নামাৰিলেও মাছ আৰু হৰিণ
মাৰিবলৈ উৎসাহ দিয়ে। ই হিংসা। এই ধৰ্ম্ম-বিৰুদ্ধ
কামৰ কাৰণ বোধকৰোঁ এই:—
অসমবাসীৰ প্ৰধান খাদ্য ভাত আৰু মাছ। মাছ এই দেশতে যথেষ্ট পোৱা যায়। বিশেষকৈ যি যি ঠাইত সত্ৰ স্থাপন কৰা হৈছে, সেই সেই ঠাই দ; তাত মাছ- খৰিৰ অভাৱ নাই। সকলো ঠাইৰ সকলো মানুহে জাতি অজাতি, ব্ৰাহ্মণ-শূদিৰে মাছ খাইছিল। আন এটি কাৰণে মাছ-মাংস খোৱা কাম অপৰিহাৰ্য্য হৈছিল৷ তেতিয়া তান্ত্ৰিক ধৰ্ম্মৰ চলতি থকাত পঞ্চমকাৰৰ চলতি আছিল। আন নহলেও পশু বলি বৰ বেচিকৈ চলিছিল আৰু মাছ- মাংস খোৱা এটা প্ৰধান সংস্কাৰ হৈ উঠিছিল। হঠাতে এই সংস্কাৰ ধ্বংস কৰি নতুন ধৰ্ম্ম এটা প্ৰৱৰ্ত্তন আৰু প্ৰচাৰ কৰা সেই সময়ত অসম্ভৱ আছিল৷ বোধকৰোঁ