প্ৰকৃত জ্ঞান নাথাকিলে পাণ্ডিত্যাভিমানী লোক অধম ভাব লৈ অধম হয়। সমদৰ্শিতাই প্ৰকৃত পাণ্ডিত্য। প্ৰকৃত পণ্ডিতলোক সমদৰ্শী হয়। তেওঁৰ ভেদ-বুদ্ধি থাকিব নোৱাৰে। সেইহে মহাপুৰুষ শঙ্কৰদেৱে কৈছে :—
ব্ৰাহ্মণৰ চণ্ডালৰ নিবিচাৰি কুল।
দাতাত চোৰত যেন দৃষ্টি সমতুল॥
নীচত সাধুত যাৰ ভৈল এক জ্ঞান।
তাহাকেসে পণ্ডিত বুলিয় সৰ্ব্বজান॥
কীৰ্তন, ১৮২১।
পণ্ডিতে কাৰো মাজত কোনো ৰকম পাৰ্থক্য নেদেখে; কিয়নো তেওঁ জানে যে আত্মা সকলো ভূততে আছে। সেই মহান্ আত্মাই সকলোৰে একমাত্ৰ আশ্ৰয়।
যিলোক বাস্তবিকে পণ্ডিত আৰু উন্নত তেওঁ তত্ত্বজ্ঞানত আনতকৈ উচ্চ। তত্ত্বজ্ঞানৰ আন এটি নাম আত্ম-জ্ঞান। আত্ম-তত্ত্বজ্ঞ লোকে নিজক সৰ্ব্বভূতত আৰু সৰ্ব্বভূতক নিজৰ হৃদয়ত দেখিবলৈ পায়। তেনে অৱস্থাত তেওঁৰ ভেদ-জ্ঞান থাকিব নোৱাৰে। সেয়েহে মহাপুৰুযে কৈছে—
- সৰ্ব্বভূতস্থমাত্মানাং সৰ্ব্বভূতানি চাত্মনি।
ইক্ষতে যোগ-যুক্তাত্মা সৰ্ব্বত্ৰ সমদৰ্শিনঃ॥
গীতা, ৬
“যোগিয়ে সকলো ভূতত আত্মাক দেখে আৰু আত্মাত সৰ্ব্ব ভূতক দেখে। তেওঁ সকলোতে সমদৰ্শী।”