দুখৰ কথা, মোৰ অসুখৰ কেইবছৰমানৰ পিছত ৰুবী বা কিবা এটা অসুখত অকস্মাৎ ইহসংসাৰ এৰি গুচি গ'ল খুব কম বয়সতে। ৰুবী বা আমাৰ স্কুললৈ যোৱাৰ লগ আছিল। আমি পঞ্চম শ্ৰেণীত পঢ়োঁতে ৰুবী বা সপ্তম শ্ৰেণীত পঢ়িছিল আৰু নতুন স্কুলখনলৈ প্ৰথমে আমাক লৈ যায়। কোনটো শ্ৰেণীকোঠাত বহিব লাগিব দেখুৱাই দিয়ে। ৰুবী বাক মোৰ অত্যন্ত ভাল লাগিছিল। তাই ধুনীয়াও আছিল। ওঁঠত লিপষ্টিক লগালে তাইক খুব ধুনীয়া লাগিছিল। মায়ে সেই বয়সত আমাক ওঁঠত লিপষ্টিক লগাব নিদিয়ে, গতিকে তাইৰ ওঁঠখনকে চাই মই মুগ্ধ হৈছিলোঁ। মোৰ অসুখৰ পিছত তাই মোক সংগ দিছিল বহু সময়। মোৰ কাষতে বগা টুলখনত সদায় বহি থাকেহি। তাইৰ ভাল লগা কিছুমান কথা কৈছিল মোক। কিন্তু যিদিনা তাই এই সংসাৰৰ পৰা কাকো আগজাননী নিদিয়াকৈ গুচি গ’ল, মই বহু আঘাত পাইছিলোঁ। তাইৰ উজ্জ্বল চকুযুৰিয়ে আমনি কৰে আজিও। তাই মোৰ বাবে আজিও মচিব নোৱৰা এটা অধ্যায় হৈ আছে বুকুৰ মাজত।
-মোৰ চুলিখিনি কঁকাললৈকে পৰা দীঘল, চিধা হোৱা গতিকে খোপাটো মোৰ দেখিবলৈ ধুনীয়া হৈছিল। ধুনীয়া খোপাটোত বগা তগৰ ফুলৰ মালাডালে আৰু অধিক ধুনীয়া কৰি তুলিছিল। কপালত সেন্দুৰ-তেল মিহলোৱা ৰঙা সূৰ্যটোৰ দৰে ডগমগাই থকা এটা ৰঙা ফোঁট। ওঁঠত সেইদিনা হেঁপাহেৰে লগাওঁ ৰঙা লিপষ্টিক। মোৰ পছন্দৰ চাদৰ-মেখেলা, মনটো ভৰি পৰিছিল, আটাইকেইটা মোৰ ভাল লগা আশাপূৰ্ণ বস্ত্ৰ পৰিধান কৰাত।
অ’ই কেই টকা দিছে?
এক টকা।
ইস্, ইমানকৈ বিহু নাচিবলৈ দি। এক টকাহে দিলে?
জানিছিলোৱে। এক টকাতকৈ বেছি নিদিয়ে।
তাইক কৈছিলোৱে। আৰু নানাচো। এইজনীয়েহে নামানিলে। হ’ব দে আৰু এটা বিহু নাচি দেখুৱাওঁ।
পালি এতিয়া মজা। ইমান সময় নাচিলো, এটকাহে দিলে।
এইবাৰৰ পৰা দুটাৰ ওপৰত কাৰো ঘৰত বিহু নানাচো, এটা হুঁচৰি, এটা বিহু। বচ।
কিমান যে চুপতা-চুপতি। সীমা-সংখ্যা নাই।
অ’ই, এইবাৰ মই বঁটা দাঙিম। তই প্ৰতিবাৰে মানুহৰ ঘৰত বঁটা দাঙি টকা মোনাত থ’ৱ। এইবাৰ মই ল’ম। তই নুচুবি।
.
৬৭