ভাৰতৰ সংবিধান চতুৰ্দশ ভাগ -সংঘ আৰু ৰাজ্যসমূহৰ অধীনস্থ সেৱাসমূহ-অনুচ্ছেদ-৩১১-৩১২ [(২) উপৰোক্ত এনে কোনো ব্যক্তিক তেওঁৰ বিৰুদ্ধে দোষাৰোপ সমূহ অবগত কৰি আৰু সেই দোষাৰোপসমূহৰ সম্পৰ্ক তেওঁক শুনানীৰ যুক্তিযুক্ত সুযোগ দি এটাতন্তনকৰাকৈ পদচ্যুত বা পদৰ পৰা অপসাৰিত বা তেওঁৰ পদমৰ্যাদা হ্ৰাস কৰিব নোৱাৰিব [ ৩[পৰস্তু, যেতিয়ানেকি এনে তদন্তৰ পিছত তেওঁৰ ওপৰত এনে কোনো শাস্তি বিহিবলৈ প্ৰস্তাৱ কৰা হয়, তেনে শাস্তি তদন্তৰ তেনে সময়ত দিয়া সাক্ষ্যৰ আধাৰতহে দিব পাৰিব আৰু প্ৰস্তাৱিত। শাস্তিৰ ওপৰত অভিবেদন দিবলৈ তেনে ব্যক্তিক যুক্তিযুক্ত সুযোগ দিয়াৰ কোনো আৱশ্যকতানহৰঃ ", অধিকন্তু, এই-খগুটো,এনে ক্ষেত্ৰত প্ৰযোজ্য নহব। (ক) যেতিয়ানেকি কোনো ব্যক্তি এনে আচৰণৰ আধাৰত পদচ্যুত বা পদৰ পৰা অপসাৰিত বা পদ মৰ্য্যদাত হ্ৰাস হয় যি আচৰণৰ বাবে তেওঁ অপৰাধীক দোষাৰোপত দোষী সাব্যস্ত হয়, বা - . (খ) যেতিয়ানেকি কোনো ব্যক্তিক পদচ্যুত বা পদৰ পৰা অপসাৰিত বা পদমৰ্যাদাত হ্ৰাস কৰিব পৰা ক্ষমতা থকা প্ৰধিকাৰীয়ে এইটো সমাধান কৰে যে কোনো কাৰণত, যি কাৰণ সেই প্ৰাধিকাৰীৰ দ্বাৰা লিপিবদ্ধ কৰিব লাগিব, এনে তদন্ত কৰাটো যুক্তিযুক্ত ভাবে সাধ্য নহয়, অথবা - (গ) যেতিয়ানেকি যথাস্থিতি, ৰাষ্ট্ৰপতিয়ে বা ৰাজ্যপালে এইটো সমাধান কৰে যে ৰাজ্যৰ সুৰক্ষাৰ স্বাৰ্থত এনে তদন্ত কৰাটো সমীচীন নহয়। (৩) যদি উপৰোক্ত এনে কোনো ব্যক্তিৰ সম্বন্ধত এইটো প্ৰশ্নৰ উদ্ভৱ হয় যে খণ্ড (২) ত নিৰ্দেশিত এনেকুৱা কোনো তদন্ত কৰাটো যুক্তিযুক্ত ভাবে সাধ্য হয়নে নহয়, তেতিয়া তেনে ব্যক্তিক পদচ্যুত বা পদৰ পৰা অপসাৰিত কৰিবলৈ বা তেওঁৰ পদুমৰ্য্যদা হ্ৰাস কৰিবলৈ ক্ষমতা থকা প্ৰাধিকাৰীয়ে তাৰ ওপৰত যি বিনিশ্চয় কৰিব সেয়ে চূড়ান্ত হব।] ৩১২(১) [ ষষ্ঠ ভাগৰ ষষ্ঠ অধ্যায়ত বা একাদশ ভাগত ] যিকোনো কথা থকা সত্ত্বেও, যদি, সৰ্বভাৰতীয় ৰাজ্য সভাই উপস্থিত থকা আৰু ভোট দান কৰা সদস্য সকলৰ অন্যূন দুই-তৃতীয়াংশৰ দ্বাৰা সমৰ্থিত সেৱাসমূহ। সংকল্পৰ দ্বাৰা ঘোষণা কৰে যে তেনেকৰাটো ৰাষ্ট্ৰীয় স্বাৰ্থৰ ফালৰ পৰা আৱশ্যকীয় আৰু বাঞ্ছনীয়, তেতিয়াহলে সংসদে বিধিৰ দ্বাৰা সংঘ, আৰু ৰাজ্য সমূহৰ কাৰণে উমৈহতীয়া এটা-বা ততোধিক সৰ্বভাৰতীয় সেৱা [সৰ্বভাৰতীয় নায়িক, সেৱাক অন্তৰ্ভুক্ত কৰি] সৃষ্টি কৰিবলৈ উপবন্ধ কৰিব পাৰে আৰু এই অধ্যায় অন্যান্য উপবন্ধ সমূহৰ সাপেক্ষে এনে কোনো সেৱাত নিযুক্ত কৰা ব্যক্তিৰ ভৰ্ত্তি আৰু সেৱাৰ চৰ্ত্ত সমূহ বিনিয়মন কৰিব পাৰে। ১।সংবিধান (পঞ্চদশ সংশোধন) অধিনিয়ম, ১৯৬৩ ৰ ধাৰা ১০ ৰ দ্বাৰা মুল খণ্ড (২) আৰু (৩) ৰ পৰিৱৰ্ত্তে প্ৰতিষ্ঠাপিত ২। সংবিধান (দ্বাচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৬ ৰ ধাৰা ৪৪ ৰ দ্বাৰা কেইটামান শব্দ লোপ কৰা হৈছে (১৩-১-৭৭ তাংৰ পৰা)। ৩। উক্ত অধিনিয়মৰ উক্ত ধাৰাৰ দ্বাৰা প্ৰতিষ্ঠাপিত (১৩-১-৭৭ তাংৰ পৰা)। ৪। সংবিধান (দাচৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৬ ৰ ধাৰা ৪৫ ৰ দ্বাৰা ‘একাদশ ভাগৰ পৰিৱৰ্তে প্ৰতিষ্ঠাপিত (৩-১-৭৭ তাংৰ পৰা)। ৫।উক্ত অধিনিয়মৰ ধাৰা ৪৫ ৰ দ্বাৰা অন্তঃস্থাপিত কৰা হৈছে (৩-১-৭৭ তাংৰ পৰা)।
পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৫৩
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
![](http://upload.wikimedia.org/wikipedia/commons/thumb/8/81/%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%B0_%E0%A6%B8%E0%A6%82%E0%A6%AC%E0%A6%BF%E0%A6%A7%E0%A6%BE%E0%A6%A8.pdf/page153-1024px-%E0%A6%AD%E0%A6%BE%E0%A7%B0%E0%A6%A4%E0%A7%B0_%E0%A6%B8%E0%A6%82%E0%A6%AC%E0%A6%BF%E0%A6%A7%E0%A6%BE%E0%A6%A8.pdf.jpg)