[৪৭]
বছৰ কাল গুৰুৰ গৃহত থাকি শাস্ত্ৰ অধ্যয়ন কৰিব লাগে। গুৰুৰ ঘৰত গুৰুৰ গৃহস্থালীৰ সকলো কামকে কৰিব লাগে। তাত দেখি শুনি হাতে হাতে শিক্ষা হয়। সৰু বৰ নাই। সন্দীপনি মুনিৰ ঘৰত কৃষ্ণ আৰু সুদামৰ কথাই তাৰ জ্বলন্ত উদাহৰণ। গুৰুক সেই যুগত কেনেদৰে ভক্তি আৰু শ্ৰদ্ধা কৰিছিল আযুধৌম্য গুৰুৰ ঘৰত বেদ, আৰুণি আৰু উপমতাৰ উপখ্যানতে আমি বিচাৰি পাওঁ। শিক্ষাৰ উপায়— “হদ্বিদ্ধি প্ৰণিপাতেন পৰিপ্ৰশ্নেন সেবায”— গীতা ৪/৩৪। এই বিলাক কথা অলপ ভাবি চালেই স্তম্ভিত হব লাগে যে আজিকালিৰ কুৰি শতিকাৰ শিক্ষা বিজ্ঞানে যিবিলাক কথা কয় সেই বিলাক আচাৰ সেইবিলাক প্ৰনালী ব্ৰহ্মচৰ্য্যৰ কাৰণে মুনি ঋষি সকলে নিৰূপন কৰি থৈ গৈছিল। পাচৰ যুগত অৱশ্যে আন আন প্ৰকাৰৰ শিক্ষানুস্থান উদ্ভৱ হোৱা দেখা যায়। কিন্তু আৰ্য্য ধৰ্ম্মৰ ব্যৱস্থাপকসকলৰ মূল উদ্দেশ্য সেইটো নাছিল।
প্ৰাচীন আৰ্য্য শাস্ত্ৰ বিহিত চাৰি পুৰুষাৰ্থ আৰু চাৰি আশ্ৰমৰ বিযয মতদ্বৈধ বৰ নাই। সকলোৱে স্বীকাৰ কৰে যে সময় চাই আৰু সমাজ চাই এই দুইবিধ চতুৰাশ্ৰয় কাৰ্য্যকৰী হোৱা সম্ভৱ। কিন্তু চতুবৰ্ণলৈ আজি কালিৰ বিশেষ পশ্চিমীয়া, শিক্ষিত লোকসকল প্ৰাযেই আৰ্য্য ধৰ্ম্মৰ ব্যৱস্থা নিন্দা কৰে। এই নিন্দাৰ মূলত বৰ্ণ শব্দটো আৰু পৰৰ্ব্বতী-যুগত কৰা তাৰ অৰ্থটো। চাৰিবৰ্ণ শব্দৰ পৰা আমি