পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৭৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দিন আইদেৱে কঠোৰ তপস্যা ব্ৰত পালন কৰি আছিল। দেখি দেখি ৰজা, ডাঙৰীয়া, বিষয়া আৰু আন সকলোৰে প্ৰাণত বৰ ব্যথা লাগিলগৈ। তাৰ পাচত, বহু আলোচনা কৰি, কাঞ্চন সখীয়াৰ হতুৱাই আইদেউৰ মন বুজাই-বৰাই ঘূৰাবলৈ চোৱা হ'ল। কাঞ্চনে এদিন তৰা আইদেউৰ ওচৰলৈ গৈ তেওঁক বহুপৰ বুজাইছিল; কিন্তু বিৰহিনী আইদেৱে এবাৰো এটি কথাৰেও উত্তৰ নিদিলে। তাৰ পিচদিনাৰপৰা তপস্বিনীক আৰু কেৱে ক'তো দেখা নোপোৱা হল!