তাৰ পিচত তাকে চকুৰ আগত ৰাখি চিন্তা কৰিলে এই ধ্যান সাধ্য হয়। তিৰোতাই পুৰুষৰ আৰু পুৰুষে তিৰোতাৰ মৰা শ চাই ধ্যান কৰিলে সাধ্য নহয়, গতিকে তেনে শ বৰ্জ্জনীয বুলি ধৰিব লাগে। স্বজাতীয় শৰ ওপৰত ধ্যান ৰাখিলে যদি সি চকুৰ আগত উপস্থিত নহয়, তেন্তে তাৰ যিটো অংশ প্ৰধানকৈ চকুৰ আগত উপস্থিত হয়, তাৰ ওপৰত ধ্যান কৰিও এই সমাধি সাধন কৰিব পাৰি।
আধাৰভূত গ্ৰন্থ
এই পুথিখন প্ৰধানতে পালি ভাষাৰ ‘সুত্তপিটক’ আৰু তাৰ লগত সম্পৰ্ক থকা ‘অট্ঠকথা’ৰ আধাৰত সঙ্কলন কৰা হৈছে। ইয়াত ‘বিনয়পিটক’ৰ কথাৰ প্ৰযোগ কৰিলেও সেইবোৰ ‘সুত্তপিটক’ৰ দ্বাৰা সমৰ্থিত নহলে তাক ঐতিহাসিক প্ৰমাণযোগ্য বুলি ধৰা হোৱা নাই। অভিধম্মপিটক’ৰ পৰা এটা উদ্ধৃতি লোৱাৰ বাহিৰে আন একো তথ্য লোৱা হোৱা নাই।
জৈন সাহিত্যৰ ‘আচাৰাঙ্গসূত্ৰ’, ‘ভগৱতী সূত্ৰ’, ‘দশৱৈকালিক সূত্ৰ’ আৰু প্ৰৱচন ‘সাৰোদ্ধাৰ’ আদি পুথিৰ উদ্ধৃতি দিয়া হৈছে।
প্ৰথম অধ্যাযত ‘ঋগ্বেদ’ৰ যথেষ্ট প্ৰযোগ কৰা হৈছে। উপনিষদবোৰৰ পৰাও ভালেমান কথা লোৱা হৈছে।
ধৰ্ম্মসূত্ৰ আৰু ‘মনুস্মৃতি’ৰো প্ৰসঙ্গক্ৰমে ব্যৱহাৰ কৰা হৈছে।
মাৰাঠী লেখক স্বৰ্গীয় বিষ্ণুশাস্ত্ৰী চিপলণকৰৰ বাণভট্ট সম্পৰ্কীয এটা প্ৰৱন্ধৰ পৰা কিছু কথা তুলি দিয়া হৈছে, কিন্তু সি আধাৰভূত নহয়।
Arctic Home in the Vedas—by B. G. Tilak
Myths and Legends of Babylonia and Assyria
—by Lewis Spence
A History of Babylon—by L. W. King
Buddhist India, (1903)—by Prof. Rhys Davids