পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৩২ ]

 (৩) বুদ্ধৰ সম্বোধি জ্ঞান প্ৰাপ্তিৰ পিচত তেওঁৰ চৰিত্ৰ কালক্ৰম অনুসৰি কিয় দিয়া হোৱা নাই?

 উত্তৰ–এতিয়ালৈকে পোৱা প্ৰাচীন সাহিত্যৰ আধাৰত তেনেদৰে কাল-ক্ৰম ধাৰ্য্য কৰি দিব নোৱাৰি। বুদ্ধৰ উপদেশাৱলী কাল-ক্ৰম অনুসৰি দিয়া হোৱা নাই। অকল সেয়ে নহয়—পিচত সেই উপদেশৰ সংখ্যাও বঢ়োৱা হৈছে। তাৰপৰা প্ৰকৃত উপদেশ সমূহ বাহিৰ কৰি উলিৱাটো টান কথা। মই এই পুথিত তাৰে প্ৰয়াস কৰিছোঁ। কিন্তু কালক্ৰম অনুসৰি বুদ্ধৰ উপদেশ সমূহ নিৰ্দ্ধাৰিত কৰি দিযাটো সম্ভৱপৰ নহল।

 (৪) আৰ্য্যসকলৰ ভাৰত-খণ্ডলৈ আগমনৰ পিচত ‘বৈদিক সংস্কৃতি গঢ়ি উঠে, তাৰ আগতে ‘দাস’ সকলৰ অৰ্থাৎ ব্ৰাহ্মণসকলৰ সংস্কৃতি আছিল। ইয়াৰ প্ৰমাণ কি

 উত্তৰ–মই মোৰ ‘হিন্দী সংস্কৃতি আণি অহিংসা, নামৰ পুথিখনৰ প্ৰথম অধ্যায়ত মই এই কথাৰ আলোচনা কৰিছোঁ। এই পুথি পঢ়াৰ লগতে সেইখন পুথিও পঢ়িলে ভালেমান কথাকে সুস্পষ্টভাৱে বুজা যাব। আটাযে যে মোৰ কথাকে মানি লব সেইটো মই আশা নকৰোঁ। মোৰ এই যুক্তি বিচাৰসাপেক্ষ। গতিকে মই এই যুক্তি পাঠকৰ আগত দাঙি ধৰিৰ্ছোঁ। বুদ্ধ চৰিত্ৰৰ লগত দাস আৰু আৰ্য্যসকলৰ এই সংস্কৃতিৰ সম্পৰ্ক তেনেই কম। সেই দুই সংস্কৃতিৰ সংঘৰ্ষত উৎপন্ন বৈদিক সংস্কৃতিহে বুদ্ধৰ সময়ত প্ৰতিষ্ঠিত হৈছিল, তাকে দেখুৱাৰ অভিপ্ৰায়েৰে এই পুথিৰ প্ৰথম অধ্যায় লিখা হৈছে।

 (৫) বুদ্ধৰ পিচতহে উপনিষদসমূহ আৰু গীতাৰ ৰচনা কৰা হৈছিল বুলি দেখুৱা যুক্তিৰ কি প্ৰমাণ আছে?

 উত্তৰ–‘হিন্দী সংস্কৃতি আণি অহিংসা' পুথিত ইয়াৰ বিতং আলোচনা কৰা হৈছে।[৩] গতিকে এই পুখিত তাৰ পুনৰুক্তি কৰা


(৩)^  চাওক-পৃষ্ঠা ৪৮-৫০ আৰু ১৭০-১৭২।